NORTHEAST NOW (Assamese)
অসম

অনির্দিষ্টকালীন অনশনত বহিল অসম বিশ্ববিদ্যালয় ছাত্র সন্থা

Posted by: অপর্ণা লস্কৰ July 19, 2018 7:33 pm
hunger-strike-570x320

অসম বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে দাৰ্গাকুনাত থকা বিশ্ববিদ্যালয়খনৰ চৌহদৰ বাহিৰত অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘট পালন কৰিছে।

স্নাতকোত্তৰ আৰু গৱেষক ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীসমূহ অনুষ্ঠিত হোৱাত বাধা প্ৰদান কৰা নাই। বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰৱেশ কৰাতো বাধা দিয়া নাই। সন্থাই বৰ্তমান বিভিন্ন দাবীৰ ভিতৰত শোচনীয় হৈ পৰা  বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ পথসমূহৰ নিৰ্মাণ কৰা, এখন কেন্দ্ৰীয় কেন্টিন নিৰ্মাণ, এটা কেন্দ্ৰীয় যন্ত্ৰ-পাতিৰ লেবেৰটৰী স্থাপন কৰা, উন্নত স্বাস্থ্যসেৱাৰ সুবিধাৰ দাবীৰ লগতে ফলাফল ঘোষণাত বিলম্ব কৰাৰ ফলত বহুতো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে অঞ্চলটোৰ বাহিৰৰ কলেজ-বিশ্ববিদ্যালয়সমূহত আবেদন কৰাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগো উত্থাপন কৰে।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত অসম বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি মিলন দাসে কয়, ‘’ যদি আমাৰ দাবীসমূহ পূৰণ কৰা নহয়, আম আমাৰ বৰ্তমানৰ উপাচাৰ্য দিলীপ চন্দ্ৰ নাথক তেওঁৰ পথ দেখুৱাই দিম, কিয়নো আমি তেওঁৰ পৰা বহুখিনি আশা কৰিছিলো কিন্তু তেওঁৰ কাৰ্যকালত বিশ্ববিদ্যালয়খন বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে।‘’

তেওঁ লগতে কয় যে কিছুদিন আগতে অসম বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক সমীৰ বেহৰা আৰু নিৰাকৰ মল্লিকক তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত কুম্ভীলক বৃত্তি অৱলম্বন কৰা আৰু যৌন নিৰ্যাতনৰ অভিযোগৰ বাবে বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদে ‘দীঘলীয়া নিলম্বন’ত ৰখা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰসকলক মূৰ্খ সজাব বিচাৰিছে। মিলন দাসে আঙুলিয়াই দিয়ে যে অসম বিশ্ববিদ্যালয়ৰ শিক্ষকৰ সেৱা বিধি অনুসৰি দীঘলীয়া নিলম্বন বুলি কোনো বিধি নাই আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ বা উপাচাৰ্যই শব্দৰ কাৰচাজিতকৈ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক।

অৱশ্যে এইক্ষেত্ৰত মন্তব্য দিবলৈ উপাচাৰ্য দিলীপ চন্দ্ৰ নাথ বিচাৰি পোৱা নগ’ল।

অসম বিশ্ববিদ্যালয়ত প্ৰতিবাদ আৰু তলাবন্ধৰ ঘটনা বৰ্তমান সাধাৰণ ঘটনা হৈ পৰিছে। ১৯৯৪ চনত আৰম্ভ হোৱা কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনে বিগত ২৪ বছৰে উন্নতি কৰাৰ সলনি অধোগামীহে হৈছে। কেলেংকাৰী, কুম্ভীলক বৃত্তি, যৌন নিৰ্যাতনৰ ঘটনা, শিক্ষক শ্ৰেণীত উপস্থিত নথকা আদি নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে।