NORTHEAST NOW (Assamese)
অসম

সেনাৰ অভিযানত ডিব্ৰুগড়ৰ চেপনত ধৃত এনএছচিএন(আইএম)ৰ দুৰ্ধৰ্ষ কেডাৰ

Posted by: অভিক চক্ৰবৰ্তী July 21, 2018 5:19 pm
IMG-20180721-WA0032

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা সেনাৰ ডাও ডিভিজনৰ এটা দলে ডিব্ৰুগড় জিলাৰ চেপনত এক অভিযান চলাই মাৰাণাস্ত্ৰসহ এনএছচিএন(আইএম)ৰ এজন দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন এনএছচিএন(আইএম)ৰ কেডাৰজন ৱাপাং ইমছেন (২৭) বুলি প্ৰকাশ কৰিছে সেনাৰ সূত্ৰই। উল্লেখযোগ্য যে ধৃত সদস্যজনৰ পৰা সেনাৰ অভিযানকাৰী দলটোৱে এটা ৩২ এমএম পিষ্টল, এটা মেগজিন, ২ জাই সক্ৰিয় গুলী আৰু এটা মোবাইল ফোন জব্দ কৰে।

আনহাতে ধৃত কেডাৰ জনে উজনি অসমৰ বিভিন্ন ঠাইত ধন দাবীকে আদি কৰি অন্যান্য ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত আছিল বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই।

‘আটকাধীন সদস্যজনক মৰান আৰক্ষীক গতাই দিয়া হৈছে আৰু আৰ্মছ এক্টৰ অধীনত ধাৰা ২৫(১-৬) আৰু য়ু এ (পি) এক্ট ১৯৬৭ৰ অধীনত ১০/১৩ ধাৰাত এক গোচৰ ৰুজু কৰা হৈছে’। সেনাৰ এক সূত্ৰই এই কথা জানিবলৈ দিয়ে।

বিগত কিছু দিনত সেনাই চলোৱা ধাৰাবাহিক অভিযানত বহু কেইজন সন্ত্ৰাসবাদী সংগঠনৰ দুৰ্ধৰ্ষ কেডাৰ আটক হোৱাটোৱে উজনি অসমত যে এতিয়াও সন্ত্ৰাসবাদী সংগঠনৰ শক্তিশালী স্থিতি তাৰেই উমান দিছে।

উগ্ৰপন্থী আটক কৰাৰ ক্ষেত্ৰত আৰক্ষী- নিৰাপত্তাৰক্ষীয়ে চলোৱা এই অভিযানৰ শলাগ লৈছে স্থানীয় ৰাইজে।