NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত আনন্দ মেলাৰ নামত জুৱাৰ ৰমৰমীয়া বেহা

Posted by: মানস প্ৰতিম গগৈ July 22, 2018 5:00 pm

আনন্দ মেলাৰ নামত মাৰ্ঘেৰিটা ব্লক তিনিআলিস্থিত এন ই একজিবেছ্ন এণ্ড আনন্দ মেলা স্থলীত মুকলিকৈ চলি আছে জুৱাৰ এক মুকলি বেহা।

উল্লেখযোগ্য যে আজি ৩-৪ দিন ধৰি সন্ধ্যা ৬ বজাৰ পৰা উৰে নিশা মাৰ্ঘেৰিটা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ব্লক তিনিআলিত আনন্দ মেলা স্থলীৰ মাজতে একাংশ লোকে ব্যাপক হাৰত চলাই গৈছে জুৱা খেলৰ প্ৰয়োভৰ।

আনহাতে এইক্ষেত্ৰত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন তথা স্থানীয় দল সংগঠনে নীৰৱ ভূমিকা পালন কৰাত স্থানীয় লোক সকল ক্ষুব্ধ হৈ পৰিছে।

লগতে স্থানীয় ৰাইজে দল-সংগঠন, মহকুমা প্ৰশাসনৰ একাংশ লোকক মেনেজ কৰি এচাম দুষ্কৃতিকাৰীয়ে এই আনন্দ মেলাৰ নামত জুৱাৰ ৰমৰমীয়া বেহা চলাই গৈছে বুলি অভিযোগ উত্থাপন কৰে।

আনকি এই জুৱা খেল সমূহত ১৪-১৫ বছৰীয়া কিশোৰৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকেও অংশ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। গতিকে স্বাভাৱিকতে অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট হৈছে।

গতিকে স্থানীয় সচেতন ৰাইজ তথা মহিলা সংগঠন সমূহে মুকলিকৈ চলি থকা এই জুৱা খেল অতি শীঘ্ৰে বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। লগতে এই আনন্দ মেলাৰ বিৰুদ্ধে ৰাইজ হাত সাবটি বহি নাথাকে বুলিও হুংকাৰ দিয়ে।