NORTHEAST NOW (Assamese)
অসম

বোকাখাতত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন, ৰাইজৰ মাৰত নিহত আক্ৰমণকাৰী বাঘ

Posted by: উত্তম শইকীয়া July 22, 2018 10:50 pm

বোকাখাতৰ কাৰ্বি আংলং সীমান্তৰ খাইলুং গাঁৱত আজি ২২ জুলাইৰ সন্ধিয়া এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত কানাই তেলেঙা নামৰ এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে গাওঁবাসীৰ আক্ৰমণত বাঘটো নিহত হৈছে।

আহত কানাই তেলেঙাক বোকাখাতৰ চহিদ কমলা মিৰি চৰকাৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে তিনিজন লোকৰ সৈতে পথাৰলৈ কঠীয়া নি থকা অৱস্থাত তেলেঙাক নাহৰফুটুকীটোৱে আক্ৰমণ কৰিছিল।