NORTHEAST NOW (Assamese)
অসম

দৰং আৰক্ষীৰ অভিযানত আটক ৪ জন দুৰ্ধৰ্ষ চোৰাংচিকাৰী

Posted by: এন ই নাও নিউজ July 22, 2018 10:43 pm

দৰং আৰক্ষীয়ে শনিবাৰে নিশা এক অভিযান চলাই চাৰিজনকৈ দুৰ্ধৰ্ষ চোৰাংচিকাৰী আটক কৰে। আটকাধীন চোৰাংচিকাৰী কেইজনক নুৰ হুছেইন(৫০), আবুল হুছেইন(৪৫), ডেনিয়েল ইয়েপথমি(২৮) আৰু এলব’ কিপা(২৩) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলাই যদিও এই কথা আজিহে পোহৰলৈ আহে। আটকাধীন চোৰাংচিকাৰী কেইটাৰ পৰা আৰক্ষীয়ে এটা ৩০৩ ৰাইফলৰ লগতে পুতি থোৱা অৱস্থাৰ পৰা এটা বিকল মেগজিন উদ্ধাৰ কৰে।

তাৰোপৰি এটা ৯ এম এম কাৰ্বাইন আৰু ৪ জাঁই সজীৱ গুলীও উদ্ধাৰ কৰে। জানিব পৰা মতে চোৰাংচিকাৰী কেইটাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ বাবে বাহৰ পাতিছিল।