NORTHEAST NOW (Assamese)
Popular Stories

ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী বিমানত জ্বলি উঠিল যাত্ৰীৰ মোবাইল; তাৰ পিছত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 15, 2022 1:56 pm
Smartphone Catches Fire in Flight

বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী এখন ইণ্ডিগ’ৰ বিমানত এজন যাত্ৰীৰ ম’বাইল ফোন মধ্য আকাশতে জ্বলি উঠে। মোবাইলৰ জুয়ে চলি থকা বিমানখনত চাঞ্চল্যৰ সৃষ্টি কৰে।

অৱশ্যে এই ঘটনাৰ ফলত কোনো যাত্ৰী বা কেবিন ক্ৰু সদস্য আঘাতপ্ৰাপ্ত হোৱা নাই বুলি অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ বিষয়াসকলে জানিবলৈ দিয়ে।

বিষয়াসকলে প্ৰকাশ কৰা মতে ইণ্ডিগ’ৰ ৬ই ২০৩৭ বিমানখন ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ গৈ থকাৰ সময়তে এজন কেবিন ক্ৰু সদস্যই এজন যাত্ৰীৰ ফোনৰ পৰা জুইৰ স্ফুলিঙ্গ আৰু ধোঁৱা ওলোৱা দেখিছিল।

তাৰ পিছত কেবিন ক্ৰু সদস্যজনে সতৰ্কতাৰে অগ্নি নিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰি এই জুই নুমুৱাই দিয়ে বুলি তেওঁলোকে লগতে উল্লেখ কৰে।

কোনো হানি-বিঘিনি নোহোৱাকৈ বৃহস্পতিবাৰে নিশা প্ৰায় ১২.৪৫ বজাত বিমানখন দিল্লী বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে।

এক বিবৃতিত ইণ্ডিগ’ই কয়, “ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা ফ্লাইট 6ই 2037-ত এটা মোবাইল ডিভাইচৰ বেটাৰী অস্বাভাৱিকভাৱে গৰম হোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছিল।”

“কৰ্মচাৰীসকলক সকলো বিপদজনক ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকে দ্ৰুততাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। জাহাজত থকা কোনো যাত্ৰী বা সম্পত্তিৰ কোনো ক্ষতি হোৱা নাছিল।”– বিবৃতিটোত লগতে এইদৰে উল্লেখ কৰে ইণ্ডিগ’ই।