NORTHEAST NOW (Assamese)
অসম

নলবাৰীত ‘ভাৰত বাচাও অভিযান’ৰ সভাত নাবাচিল কংগ্ৰেছৰ মৰ্যাদা, নিজৰ নেতাৰে পুত্তলিকা দাহ

Posted by: এন ই নাও নিউজ July 23, 2018 8:39 am
Nalbari1

ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিয়ে দেওবাৰে ঘগ্ৰাপাৰত কংগ্ৰেছৰ দু:সময়ৰ ছবি এখনকে দাঙি ধৰে। এপিনে ভাৰত বাচাও অভিযানৰ সভাত কংগ্ৰেছ নেতাৰ ভাষণ চলি থকাৰ সময়তে  আনপিনে কংগ্ৰেছ নেতাৰ পুত্তলিকা দাহ কৰিলে কংগ্ৰেছ কৰ্মীয়ে।

নলবাৰীৰ ঘগ্ৰাপাৰত দেওবাৰে দলটোৱে আয়োজন কৰা ‘ভাৰত বাচাও অভিযান’ৰ এখন সভাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ এটা শিবিৰে দলটোৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈৰ পুত্তলিকা দাহ কৰাৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী ৰকিবুলক কেলেংকাৰিৰ নায়ক বুলি অভিহিত কৰে।

নলবাৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত ঘগ্ৰাপাৰ হৰিমন্দিৰৰ বাকৰিত দেওবাৰে পুৱা ‘ভাৰত বাচাও অভিযান’ৰ এখন সভাৰ আয়োজন কৰা হৈছিল। একাংশ যুৱ কংগ্ৰেছীয়ে এই সভাখন বৈধ নহয় বুলি অভিযোগ কৰি বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

ব্লক কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নলবাৰীৰ কংগ্ৰেছ নেতা প্ৰদ্যুৎ ভূঞাৰ বিৰুদ্ধে কৰা এক ষড়যন্ত্ৰৰ  অংশ বুলি অভিহিত কৰি সভা অনুষ্ঠিত কৰাত বাধা দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। ব্লক কংগ্ৰেছৰ সভাপতি ভূৱনেশ্বৰ কলিতাই দলৰ কোনো অনুমতি অবিহনে সভা আহ্বান কৰা বুলি অভিযোগ কৰি এই ক্ষেত্ৰত কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুলৰ লগতে নীলমণি সেন ডেকাক কংগ্ৰেছ ধ্বংসৰ মূল নায়ক বুলি তীব্ৰ সমালোচনা কৰে।

আনহাতে, নলবাৰী জিলা কংগ্ৰেছৰ উপ-সভাপতি শৰৎ কলিতাই সভাখনক নলবাৰীৰ কলংকিত কংগ্ৰেছৰ সভা বুলি ব্যক্ত কৰি চি বি আইৰ তদন্তৰ সন্মুখীন হোৱা তথা দুৰ্নীতিৰ চেকা থকা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে উচটনি দিয়া বুলি অভিযোগ কৰে।

ইপিনে সভালৈ অহা মানুহক বাধা দিয়াৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী মোতায়েন কৰা হয়।  প্ৰতিবাদৰ ৰূপ দেখি পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু নীলমণি সেন ডেকা পাইকাৰকুছিৰ পৰাই উভতিব লগা হয়।

অৱশ্যে আবেলি উক্ত আটাইকেইজন নেতাই সভাত উপস্থিত হৈ বক্তব্য দাঙি ধৰে। দেওবাৰে সভাখন প্ৰদ্যুৎ ভূঞা শিবিৰ আৰু তেওঁৰ বিৰোধী শিবিৰৰ সংঘাত হিচাপে উন্মোচিত হৈ পৰাত নলবাৰীত কংগ্ৰেছ  দুটা শিবিৰত বিভক্ত হৈ পৰাৰ কথা স্পষ্ট হৈ পৰে। তথাপি এই প্ৰবল প্ৰতিবাদৰ পাছতো আবেলি নলবাৰী যুৱ কংগ্ৰেছৰ উদ্যোগত নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত ‘ভাৰত বাচাও অভিযান’ শীৰ্ষক বিজেপি চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়।