NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ৰ টিংখঙত আৰক্ষী-সেনাৰ অভিযানত আটক আলফা(স্বা:)ৰ দুজন অ’ভাৰ গ্ৰাউণ্ড সদস্য

Posted by: অভিক চক্ৰবৰ্তী July 23, 2018 2:55 pm
IMG-20180723-WA0018

সেনা বাহিনীৰ ডাও ডিভিজনে আজি এক অভিযান চলাই ডিব্ৰুগড়ৰ টিংখঙৰ পৰা আলফা (স্বা)ৰ দুজন অ’ভাৰ গ্ৰাউণ্ড সদস্যক আটক কৰিবলৈ সক্ষম হয়। আলফা (স্বা)ৰ সদ্যস দুজন আটক হোৱা ঘটনাই উজনি অসমত যে বৰ্তমানেও আলফা (স্বা) সক্ৰিয় হৈ আছে তাকে প্ৰমাণ কৰে।

উল্লেখ্য যে ৭২ সংখ্যক স্বাধীনতা দিৱস আৰু ২৭ জুলাইত আলফাৰ চহিদ দিৱসৰ প্ৰাকক্ষণত উজনি অসমত যাতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সেনা আৰু আৰক্ষীয়ে নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে। আৰু তাৰ সুবাদতে বিগত কিছুদিনত সন্ত্ৰাসবাদী সংগঠনৰ বহু সদস্য আটক হৈছে।

টিংখং আৰক্ষী থানা আৰু সেনাই চলোৱা অভিযানত আটক কৰা যুৱক দুজনক প্ৰদীপ গোশ (৩০) আৰু পুনা দাস (৪৯)বুলি চিনাক্ত কৰা হৈছে।

আটকাধীন উগ্ৰপন্থী সদস্য দুজনৰ পৰা অভিযানকাৰী দলটোৱে এটা পইণ্ট ৩২ এমএম পিষ্টল, এটা মেগজিন আৰু চাৰি জাঁই সক্ৰিয় গুলী জব্দ কৰে।

ইফালে আটকাধীন সদস্য দুজনৰ বিৰুদ্ধে টিংখং আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে বুলি অভিযানকাৰী দলটোৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।