NORTHEAST NOW (Assamese)
অসম

পুনৰ খোলা হ’ব ৰহাৰ টোল গে’ট, অখিল গগৈৰ দাবী ‘অবৈধ’ : নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত

Posted by: কল্পজ্যোতি শইকীয়া July 23, 2018 9:51 pm
roha toll gate

ৰাইজৰ প্ৰতিবাদত বন্ধ হোৱা ৰহাৰ টোল গে’ট কাইলৈ ২৩ জুলাইৰ পৰা পৰা পুনৰ খোল খাব।

টোল গে’টৰ বিৰুদ্ধে যোৱা ২২ জুলাইত হোৱা প্ৰতিবাদত অখিল গগৈয়ে ৰহাৰ টোল গে’ট চৰকাৰী বিধি অনুসৰিয়েই অবৈধ বুলি কৰা দাবীকহে ‘অবৈধ’ বুলি প্ৰকাশ কৰি নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাসে আজি ২৩ জুলাইত নৰ্থ ইষ্ট নাও-ক এই কথা অৱগত কৰে।

অখিল গগৈয়ে কৰা দাবী ‘অবৈধ’ বুলি দাবী কৰি দাসে কয় ‘ৰহাৰ টোল গে’ট অবৈধ বুলি দাবী কৰি অখিল গগৈয়ে দাখিল কৰা চৰকাৰী জাননীতে লিখা আছে যে কোনো নগৰ সমিতিৰ এলেকাটো টোল গে’ট বহুৱাব পাৰে।’

roha toll gate
ৰহাৰ টোল গে’ট বৈধ বুলি দাবী কৰি অতিৰিক্ত উপায়ুক্তই নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰণ কৰা চৰকাৰী নথি

উল্লেখযোগ্য যে যোৱা ২২ জুলাইত হোৱা প্ৰতিবাদত অখিল গগৈয়ে টোল গে’ট সম্পৰ্কীয় ভাৰত চৰকাৰৰ জাননীৰ উদ্ধৃতি দি নগৰ সমিতিৰ ১০ কি. মি. এলেকাৰ ভিতৰত অৱস্থিত হোৱা বাবে ৰহাৰ টোল গে’ট অবৈধ বুলি দাবী কৰিছিল।

আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে প্ৰতিবাদত ভাগ লোৱা সংগঠনসমূহক জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আলোচনালৈ মতা সন্দৰ্ভটো বিষয়াগৰাকীয়ে অনিশ্চয়তা প্ৰকাশ কৰে।

‘তেওঁলোকৰ দাবী বৈধ হোৱা হ’লেহে আলোচনাৰ কথা আহিলেহেঁতেন। এতিয়া তেওঁলোকৰ দাবীটোৱেই যেতিয়া অবৈধ, গতিকে আলোচনাৰ কথা নাহে,’ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে নৰ্থ ইষ্ট নাও-ক জনায়।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অৱশ্যে ৰহাৰ টোল গে’টক লৈ এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

টোল গে’ট কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলিও প্ৰকাশ কৰি বিষয়াজনে কয় যে জিলা প্ৰশাসনে টোল গে’টৰ কেৱল নিৰাপত্তাৰ দিশটোহে চোৱা-চিতা কৰে।