NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম বিধানসভাৰ অধ্যক্ষই আগবঢ়ালে ১.৫০ লাখ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 10, 2020 9:53 pm

অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰি ১.৫০ লাখ টকাৰ এখন চেক মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়।

আনহাতে ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা এই ভয়াবহ সংকটৰ সময়ত যুঁজ দিয়াৰ বাবে বিধানসভাৰ অধ‍্যক্ষগৰাকীয়ে পি এম কেয়াৰ্ছ ফাণ্ডলৈও ১ লাখ টকাৰ বৰঙণিৰ চেক মুখ্য মন্ত্ৰীৰ হাতত অৰ্পণ কৰে।

বিধানসভাৰ অধ্যক্ষগৰাকীয়ে অলপতে যোৰহাট ভ্ৰমণৰ সময়ত বিভিন্ন ব্যক্তি তথা সংস্থাই অসম আৰোগ্য নিধিলৈ প্ৰদান কৰা বৰঙণিৰ চেক সমূহো মু্‌খ্য মন্ত্ৰীৰ হাতত অৰ্পণ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে এই জটিল সন্ধিক্ষণত সাহায্য পুঁজিলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, বিধানসভাৰ অধ্যক্ষগৰাকীৰ উপৰি ৰাজ্যৰ অধিকাংশ মন্ত্ৰী-বিধায়ক, ব্যৱসায়ী, সমাজকৰ্মী তথা সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিয়ে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা পৰিলক্ষিত হৈছে।