NORTHEAST NOW (Assamese)
অসম

জৰ্ডান অভিমুখী ভাৰতীয় টেবুল টেনিছ দলত অসমৰ তৃষা গগৈ

Posted by: এন ই নাও নিউজ July 24, 2018 8:06 am
Trisha Gogoi

অসমৰ প্ৰতিভাৱান টেবুল টেনিছ খেলুৱৈ তৃষা গগৈ পুনৰ এবাৰ ভাৰতীয় মহিলা টেবুল টেনিছ দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। লক্ষ্যণীয় যে ২৫-২৯ জুলাইলৈ জৰ্ডানত অনুষ্ঠিত হ’বলগীয়া বিশ্ব জুনিয়ৰ চাৰ্কিট আৰু কেডেট অ’পেনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব তৃষাই।

স্মৰ্তব্য যে চলিত বছৰৰ আৰম্ভণিতে তৃষাই চেক গণৰাজ্যত অনুষ্ঠিত হোৱা আই টি টি এফ প্ৰিমিয়াৰ জুনিয়ৰ আৰু কেডেট অ’পেনত, ২০১৭ চনত বিশ্ব জুনিয়ৰ চাৰ্কিটত ভৰতীয় দলক প্ৰতিনিধিত্ব কৰি আহিছে। আনহাতে ২০১৭ বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা উন্নত প্ৰদৰ্শনৰ বাবেই তৃষাই এইদৰে ভাৰতীয় দলৰ হৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাই আছে।

উল্লেখ্য যে জৰ্ডানত অনুষ্ঠিত হ’বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ পূৰ্বে পাটিয়ালাৰ ছাই কেম্পত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিবিৰত বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে তৃষাই।

ভাৰতৰ ছাব জুনিয়ৰ ৰেংকিঙৰ দ্বিতীয় স্থানৰ খেলুৱৈ তৃষাই পশ্চিম বংগৰ প্ৰথম ৰেংকিঙৰ খেলুৱৈ প্ৰাপ্তি সেনক দুৰ্গাপুৰত হোৱা জুনিয়ৰ আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ছোৱালীৰ ছিংগলছ শাখাত পৰাস্ত কৰি ভাৰতীয় টেবুল টেনিছত এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰু তেতিয়াৰ পৰাই ভাৰতীয় দলৰ নিয়মীয়া সদস্য হৈ আছে অসমৰ প্ৰতিভাধৰ পেডলাৰ তৃষা গগৈ।