NORTHEAST NOW (Assamese)
অসম

ছেৰফাংগুৰিৰ আঠিয়াবাৰীত ভূটানৰ হাবিৰ পৰা ওলাই অহা বনৰীয়া গৰুৰ সন্ত্ৰাস

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী May 31, 2021 3:43 pm
bbb

কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আঠিয়াবাৰী এলেকাত হঠাৎ ভূটানৰ পৰা অহা দুটা বনৰীয়া গৰু আৱিৰ্ভাৱে স্থানীয় বাসিন্দাসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।

স্থানীয় বাসিন্দা সকলে জানিবলৈ দিয়া অনুসৰি বনৰীয়া গৰু দুটা আঠিয়াবাৰীৰ সমীপবৰ্তী উলুবাৰী অঞ্চলৰ পৰা আঠিয়াবাৰী দিশে ওলাই আহিছিল ।

বন্য গৰুৰ আক্ৰমণত আঠিয়াবাৰীত পথেদি চাইকেল চলাই যোৱা এগৰাকী আঘাতপ্ৰাপ্ত হৈছে ।

কিন্তু হাবিৰ পৰা ওলাই অহা এটা বনৰীয়া গৰুৰ মৃত্যু হোৱাৰ ঘটনাই ৰহস্যৰো সৃষ্টি কৰিছে। গৰুটোৰ কি কাৰণত মৃত্যু হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আনহাতে আন এটা ছেৰফাংগুৰি নাৰাবাৰীত এগৰাকীৰ ঘৰৰ বাৰীত আবদ্ধ হৈআছে । ইতিমধ্যে বনবিভাগে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।