NORTHEAST NOW (Assamese)
Popular Stories

কেতিয়া হ’ব CBSE-ISCৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা? কেন্দ্ৰই কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ক?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2021 3:41 pm
CBSE Exam

দেশত অব্যাহত থকা কৰোনা সন্ত্ৰাসৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে স্থগিত ৰাখিছে CBSE-ISCৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।

দেশত কোভিড পৰিস্থিতি এতিয়াও শোচনীয় হৈ থকাৰ বাবে এই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব সেই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰাণলয়ে।

কিন্তু তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে CBSE-ISCৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত অহা দুদিনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা। এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰই।

ন্যায়ালয়ত চলি থকা পৰীক্ষা সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ এটৰ্নি জেনেৰেল কেকে বেণুগোপাল, ন্যায়াধীশ এএম খানৱোইলকৰ আৰু দীনেশ মহেশ্বৰীৰ খণ্ড বিচাৰপীঠত কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে আগন্তুক দুটা দিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

পৰীক্ষা হ’লে কেনেদৰে অনুষ্ঠিত কৰা হ’ব সেই বিষয়ে বিতংকৈ ন্যায়ালয়ক জনাবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।

“সিদ্ধান্ত ল’বলৈ কোনো সমস্যা নাই। যদি কেন্দ্ৰই বিগত বৰ্ষৰ সিদ্ধান্ত সলনি কৰিছে, কিয় সেই সিদ্ধান্ত সলনি কৰা হৈছে সেই কাৰণ আদালতক স্পষ্টভাৱে জনাব লাগিব।” আদালতে কয়।

উল্লেখ্য যে বিগত বৰ্ষৰ২৬ তাৰিখে কেন্দ্ৰীয় চৰকাৰে জুলাইৰ ১ৰ পৰা ১৫ ৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া ব’ৰ্ডৰ নিৰ্ধাৰিত পৰীক্ষা কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰিছিল। আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ সেই সিদ্ধান্ত গ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰিছিল।

এইবৰ্ষৰো ব’ৰ্ড পৰীক্ষাৰ সন্দৰ্ভত কেন্দ্ৰই দুদিনৰ পিছত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি ন্যায়ালয়ক জানিবলৈ দিছে।

ইফালে বিচাৰাধীন গোচৰটো পৰৱৰ্তী শুনানি অহা ৩ জুনত গ্ৰহণ কৰা হ’ব।