NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চলত সান্ধ্য আইন

Posted by: এন ই নাও নিউজ December 20, 2017 7:58 pm

এটা গুৰুত্বপূৰ্ণ ঘোষণাত শিৱসাগৰৰ অতিৰিক্ত জিলা দণ্ডাধীশে যোৱা ২৮ নৱেম্বৰৰ পৰা পৰৱৰ্তী ৬০ দিন পৰ্য্যন্ত কাৰ্য্যকৰী হোৱাকৈ শিৱসাগৰ জিলাত লাগি থকা নাগালেণ্ডৰ সীমাৰ পৰা অসমৰ ভিতৰৰ ফালে পাঁচ কিলোমিটাৰ দূৰলৈকে সান্ধ্য আইনৰ প্ৰচলন কৰা বুলি ঘোষণা কৰিছে। পুৱা ৬ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ এই সান্ধ্য আইন বলৱৎ হৈ থাকিব বুলি জানিব পৰা গৈছে। নিৰ্দেশটোত অতিৰিক্ত জিলা দণ্ডাধীশজনৰ উদ্ধৃতি দি কোৱা হৈছে যে জিলাখনৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চলত অসামাজিক তথা বেআইনী কাৰ্য্যকলাপ ৰোধ কৰিবৰ বাবে আগতীয়া সতৰ্কতাস্বৰূপে এই ব্যৱস্থা লোৱা হৈছে। নিৰ্দেশটোত আৰু কোৱা হৈছে যে সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়ছোৱাত যিকোনো ব্যক্তি, দল বা যিকোনো ধৰণৰ গাড়ী-মটৰৰ চাল-চলন নিষিদ্ধ কৰা হৈছে। অৱশ্যে দণ্ডাধীশ, নিৰাপত্তা বাহিনীৰ লোক, চি আৰ পি এফ জোৱান, আৰক্ষী আৰু কৰ্তব্যৰত অসামৰিক বিষয়া-কৰ্মচাৰীক এই নিৰ্দেশৰ পৰা ৰেহাই দিয়া হৈছে বুলিও সূত্ৰটোৱে জনাইছে।