NORTHEAST NOW (Assamese)
উত্তৰ-পূব

সীমান্ত অঞ্চলৰ সকলো অপৰাধৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতিত সহমত পোষণ ভাৰত-বাংলা সীমান্ত ৰক্ষী বাহিনীৰ

Posted by: পিনাকী দাস July 26, 2018 5:09 pm
gallerymain

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত ৪ দিনীয়া সীমান্ত-সমন্বয় আলোচনাচক্ৰত দুয়োখন দেশৰে সীমান্ত ৰক্ষীসকলে অস্ত্ৰ-শস্ত্ৰ, বিষ্ফোৰক, নিচাযুক্ত ঔষধ আৰু মানৱ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে বুলি বিষয়া এগৰাকীয়ে প্ৰকাশ কৰিছে।

বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ অতিৰিক্ত সঞ্চালক প্ৰধান মহম্মদ জাহিদ হাছানে কৈছে, ‘‘সীমান্ত সমন্বয় আলোচনাচক্ৰত সীমা সুৰক্ষা বাহিনী (ভাৰত) আৰু বৰ্ডাৰ গাৰ্ডছ বাংলাদেশে সীমান্তত অস্ত্ৰ-শস্ত্ৰ, বিষ্ফোৰক, নিচাযুক্ত ঔষধ আৰু মানৱ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে।’’

তেওঁ আৰু কৈছে, ‘‘ আমি সীমাৰ সিপাৰৰ পৰা সংঘটিত হ’ব পৰা অপৰাধ নিয়ন্ত্ৰণ কৰাৰ ৰণনীতি সম্পৰ্কত আমাৰ দৃষ্টিভংগী বিনিময় কৰিছোঁ। সীমান্তত এই পৰ্যন্ত আমি বিশেষ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ মুখামুখি হোৱা নাই।’’

হাছানে কৈছে যে ম্যানমাৰৰ পৰা অহা ৰহিঙীয়া শৰণাৰ্থীৰ পৰা কোনো নিৰাপত্তা সম্পৰ্কীয় ভাবুকি অহা নাই।

বিষয়াগৰাকীয়ে কৈছে, ‘‘বিপুল সংখ্যক ৰহিঙীয়া শৰণাৰ্থী (বাংলাদেশত) থকাটো নিৰাপত্তা আশংকা হ’লেও নিৰাপত্তাৰ প্ৰতি ভাবুকি নহয় যদিও এটা এটা আৰ্থ-সামাজিক প্ৰত্যাহ্বান, কাৰণ ১০ লাখৰ এটা বিপুল জনসংখ্যাৰ ব্যৱস্থা কৰাটো কৰা আমাৰ বাবে সহজ নহয়।

উল্লেখ্য যে ২০১৭ৰ আগষ্টত ম্যানমাৰৰ সেনা বাহিনীয়ে সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত দক্ষিণ-পশ্চিম বাংলাদেশৰ শিবিৰসমূহত প্ৰায় ৯,১৫,০০০ ৰহিঙীয়াই আশ্ৰয় লৈ আছে।

ভাৰত-বাংলাদেশ সীমান্তৰ মুকলি হৈ থকা এলেকাত কাঁটা তাঁৰৰ বেৰ দিয়া, সীমান্তৰ আসে-পাশে অপৰাধৰ মাত্ৰা হ্ৰাস কৰা, সীমা সুৰক্ষা বাহিনী (ভাৰত) আৰু বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ মাজৰ পাৰস্পৰিক বুজাপৰা উন্নত কৰা, জল বিনিময় আৰু প্ৰৱাহিত পানীৰ পৰিচ্চন্নতা আদি বিষয় দুয়ো ৰাষ্ট্ৰৰ সীমা সুৰক্ষা বাহিনীৰ মাজত আলোচিত হৈছিল।

সীমা সুৰক্ষা বাহিনীৰ ত্ৰিপুৰা সীমান্তৰ মহা পৰিদৰ্শক এইচ কে লোহিয়াই কৈছে যে ভাৰত-বাংলাদেশ সীমান্তত কাঁটা তাঁৰৰ বেৰ দিয়াত কোনো সমস্যা নাই আৰু কাঁটা তাঁৰৰ প্ৰৱেশপথ সমূহেৰে কৃষক আৰু সীমান্ত এলেকাৰ লোকসকল পাৰ হোৱা কাঁটা তাঁৰৰ প্ৰৱেশপথ সমূহ ব্যৱস্থাপনা কৰাত কোনো সমস্যা নাই।

সৰাইল আৰু চিটাগং এলেকাৰ বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ ছেক্টৰ কামাণ্ডাৰসকল আৰু উত্তৰ-পূব সীমান্ত— ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু কাচাৰত নিয়োজিত সীমা সুৰক্ষা বাহিনী মহা পৰিদৰ্শকসকলে আগৰতলাৰ পৰা ১২ কি:মি: উত্তৰৰ শালবাগানত অৱস্থিত ত্ৰিপুৰা সীমান্ত প্ৰধান কাৰ্যালয়ত ৪ দিনীয়া সমন্বয় আলোচনাচক্ৰত মিলিত হৈছিল।