‘চেত্ৰী আয়োগ’ৰ অনুমোদনাৱলী ৰূপায়ণৰ দাবীত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী

সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ দ্বাৰা উত্থাপন কৰা দাবীসমূহ পূৰণ কৰাৰ দাবীত আজি মাৰ্ঘেৰিটা ন্যায়িক আদালতৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলে এটা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। ‘চেত্ৰী আয়োগ’ৰ অনুমোদনাৱলী তথা পৰামৰ্শ সমূহ কাৰ্য্যকৰী নকৰা আৰু সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ নিৰ্মূল কমিটিয়ে ন্যায়িক কৰ্মচাৰীৰ দাবীসমূহ আওকাণ কৰাৰ প্ৰতিবাদত সৰব হৈ পৰিছে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা।
উল্লেখ্য যে যোৱা ৮ জুলাই তাৰিখে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ বিশেষ সাধাৰণ সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজি মাৰ্ঘেৰিটা ন্যায়িক আদালতৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ পাছতো ন্যায়িক কৰ্মচাৰী সকলৰ দাবী সমূহ চৰকাৰে সমাধান নকৰিলে আগন্তুক দিনত অধিকতৰ তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী হাতত লব বুলি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই সংবাদ মাধ্যমক জনিবলৈ দিছে।