NORTHEAST NOW (Assamese)
Popular Stories

৫ বছৰ পূৰ্বে আদানীৰ বিত্তীয় জালিয়াতি পোহৰলৈ আনি ৰোষত পৰা ভাৰতীয়জনৰে কথন

Posted by: পৰেশ মালাকাৰ Updated by: পৰেশ মালাকাৰ February 22, 2023 9:30 pm

সকলোৱে জানে যে হিন্দেনবাৰ্গে আদানী গ্ৰুপৰ বিষয়ে প্ৰকাশ কৰা প্ৰতিবেদনৰ পিছত আদানী গ্ৰুপৰ ষ্টকৰ মূল্য অভাবনীয়ভাবে হ্ৰাস পাইছে। প্ৰতিবেদনটি ওলোৱাৰ আগতে গৌটম আদানী বিশ্বৰ তিনি নম্বৰ ধনী ব্যক্তি আছিল।

প্ৰতিবেদনটি ওলোৱাৰ পিছত বিশ্বৰ ধনী মানুহৰ তালিকাত এতিয়া আদানীৰ স্থান ২৪/২৫ নম্বৰলৈ নামিছে। আদানী গ্ৰুপৰ ব্যৱসায়িক লেনদেনত থকা অনিয়ম আৰু জালায়াতীৰ বিষয়ে হিন্দেনবাৰ্গ প্ৰতিবেদন প্ৰকাশ পোৱাৰ আগতেও বহু সাংবাদিকে লিখিছিল।

তেনে এজন সাংবাদিক আছিল পৰঞ্জয় গুহ ঠাকুৰতা।গুহ ঠাকুৰতা এজন বিশিষ্ট সাংবাদিক আৰু গৱেষক।

আদানী গ্ৰুপৰ ব্যৱসায়িক খেলিমেলি আৰু জালায়তীৰ বিষয়ে ২০১৬/১৭ চনৰ পৰা তেওঁ এলানি প্ৰবন্ধ লিখি আহিছে। তাৰ বাবে তেওঁৰ বিৰুদ্ধে আদানী গ্ৰুপে কেইবাটাও মানহানী গোচৰো তৰিছিল।

আদানীৰ বিষয়ে লিখা কাৰণেই বিখ্যাত আলোচনী Economic and Political Weeklyৰ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰিবলৈ গুহ ঠাকুৰতাক বাধ্য কৰোৱা হৈছিল।

এইটো নৰ্থ-ইষ্ট নাওৰ কাৰণে গৌৰৱৰ কথা আৰু ব্যক্তিগতভাবে মোৰ কাৰণেও এটা ভাললগা অভিজ্ঞতা যে পৰঞ্জয় গুহ ঠাকুৰতাই হিন্দেনবাৰ্গ প্ৰতিবেনৰ বিষয়ে আমাক এটা সাক্ষাৎকাৰ দিবলৈ সন্মত হ’ল। সাক্ষাৎকাৰটো আপোনালোকলৈ আগবঢ়ালোঁ