NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ চাৰিং আলি কেঁকুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত

Posted by: পার্শ্বজোতি গগৈ July 28, 2018 6:33 am
শিৱসাগৰত পথ দুৰ্ঘটনা

শিৱসাগৰৰ চাৰিং আলি কেঁকুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা দুখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩ জন লোক আহত হয়।

ঘটনাৰ বিৱৰণী অনুসৰি শিৱসাগৰৰ দিশৰ পৰা যোৰহাটলৈ যোৱা এখন ট্ৰাক আৰু যোৰহাট দিশৰ পৰা শিৱসাগৰৰ ফালে আহি থকা আন এখন ট্ৰাকৰ মাজত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিং আলি কেঁকুৰিত মুখামুখি সংঘর্ষ হয়।

নিশা প্ৰায় ৯.৩০ মান বজাত হোৱা এই সংঘৰ্ষত দুয়োখন ট্ৰাকৰ সন্মুখ ভাগ সম্পূৰ্ণ বিধস্ত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যোৰহাট  দিশৰ পৰা অহা ট্ৰাকখনৰ ড্ৰাইভাৰ  আৰু হেন্দিমেনজনক অতি সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ড্ৰাইভাৰজনৰ চিকিৎসালয়তে মৃত্যু হয় আৰু হেন্দিমেনজনক ডিব্ৰুগড় মেডিকেল কলেজ হাস্পাতললৈ প্ৰেৰণ কৰে।

আনহাতে শিৱসাগৰৰ দিশৰ পৰা অহা ট্ৰাকৰ ডাইভাৰ আৰু হেন্দিমেনজন বাতৰি লিখা সময়লৈকে ট্ৰাকৰ ভিতৰতে আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত যানবাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত  ট্ৰাক দুখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰাবলৈ চেষ্টা চলাই আছে।