NORTHEAST NOW (Assamese)
অসম

ভুৱা আৰু নকল পত্ৰৰ বিৰুদ্ধে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দাখিল কৰিলে গোচৰ

Posted by: এন ই নাও নিউজ December 21, 2017 10:49 am
Zeliang-672x381

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ নকল স্বাক্ষৰেৰে সৈতে নকল লেটাৰহেডত এখন ভুৱা পত্ৰ প্ৰচাৰ কৰাৰ বাবে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে বুধবাৰে এখন এজাহাৰ দাখিল কৰিছে।

নাগালেণ্ডৰ কোহিমাৰ আৰক্ষী অধীক্ষকক দিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া স্বাক্ষৰিত অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে যে এখন ভুৱা তথা নকল পত্ৰ ছচিয়েল মিডিয়াত, বিশেষকৈ হোৱাটএপত প্ৰসাৰিত হৈছে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে অভিযোগ কৰে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লেটাৰহেডখন নকল কৰা হৈছে আৰু একেদৰে এটা নকল লেটাৰ নম্বৰো দিয়া হৈছে।

 

ইয়াৰ লগতে ইমেজৰ ওপৰত চুপাৰ ইম্পোজ কৰি মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ চহীও জাল কৰা হৈছে।

অভিযোগ পত্ৰৰ সৈতে হোৱাটএপ মেছেজৰ এটা প্ৰিন্ট আউট কপিও দাখিল কৰা হৈছে। অভিযোগ পত্ৰত লগতে উল্লেখ কৰা হৈছে যে এয়া এক গুৰুত্বপূৰ্ণ  আৰু চাইবাৰ অপৰাধৰ বিষয়।

অভিযোগ কৰা হৈছে যে ’’সমাজত বিশৃংখলা আৰু মানুহৰ মনত ভ্ৰান্ত ধাৰণা সৃষ্টি কৰাৰ উদ্দেশ্যৰে’’এই উৰা বাতৰি বিয়পাই দিয়া হৈছে। ‘’ ভুল পথে পৰিচালনা কৰাৰ, সন্মান হানিকাৰক এই কাৰ্য এক অপৰাধমূলক ঘটনা,’’-অভিযোগ পত্ৰত কোৱা হৈছে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কোহিমাৰ আৰক্ষী অধীক্ষক গৰাকীক বিষয়টো তদন্ত কৰি এই কাৰ্যৰ ষড়যন্ত্ৰকাৰীক আইনৰ আওতালৈ অনাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়।