NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মা এজন ভাল বতৰ বিজ্ঞানী, বতৰ কি হ’ব  সেয়া তেওঁ আগতেই জানে : ৰকিবুল হুছেইনৰ কটাক্ষ

Posted by: কল্পজ্যোতি শইকীয়া July 28, 2018 8:28 pm
Rakibul-Hussain-570x320

নিৰ্বাচন যিমানেই ওচৰ চাপিছে হিমন্তৰ বিৰুদ্ধে প্রাক্তন সতীৰ্থসকলক সিমানেই সৰৱ হোৱা দেখা গৈছে। ইজনৰ পিছত সিজনে এতিয়া কটাক্ষৰ সহজ লক্ষ্য কৰি লৈছে এসময়ৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী তথা বৰ্তমান বিজেপি চৰকাৰৰো প্ৰভাৱশালী মন্ত্ৰীজনক।

২৭ জুলাইত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ‘হিমন্তই যিদিনা বিজেপিৰ মুখ্য মন্ত্ৰী হ’ব, সেইদিনা আমি মিঠাই খুৱাম’ বুলি কটাক্ষ কৰাৰ পিছত আজি, ২৮ জুলাইত হিমন্তৰ একালৰ অতি ঘনিষ্ঠ, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও কটাক্ষ কৰে হিমন্তক।

আজি সংবাদ মাধ্যমৰ আগত ৰকিবুল হুছেইনে হিমন্তক বতৰ বিজ্ঞানী বুলি কটাক্ষ কৰে। বতৰ ক’ত কেতিয়া ভাল হ’ব তেওঁ আগতীয়াকৈ জানে আৰু সেইমতে গতি কৰে বুলি কটাক্ষ কৰে। “মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ভাল বতৰ বিজ্ঞানী, বতৰ কি হ’ব, সেয়া আগতেই জানে তেওঁ।”

হুছেইনে লগতে কয়–“ হিমন্ত হাৱাত জিকা লোক। বতাহ যিফালে বলে হিমন্তও সেইফালেই দৌৰে।”

হিমন্তই সদায় ঢৌত নিৰ্বাচন জিকিছে, বিজেপিৰ ঢৌতহে এইবাৰ জয়ী হৈছে হিমন্ত বিশ্ব শৰ্মা। -এইবুলিও কয় প্ৰাক্তন মন্ত্ৰীজনে।

আনহাতে পুনৰ কটাক্ষ কৰি কয়, “বিজেপিৰ বেয়া দিনত হিমন্ত পুনৰ কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা আছে। কিন্তু আমি দুৱাৰ খিৰিকী ভালকৈ মাৰি থৈছো।”

“হিমন্ত বিশ্বই ১৯৯৬ চনৰ নিৰ্বাচনত বৰ বেয়াকৈ হাৰিছিল’ বুলিও প্ৰাক্তন সতীৰ্থজনক মনত পেলাই দিয়ে ৰকিবুল হুছেইনে।

উল্লেখযোগ্য যে আজি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ অসমৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱতে কংগ্ৰেছৰ পৰা যোৱাসকল পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিলে আদৰি লোৱা হ’ব বুলি কোৱাৰ সময়ত ৰকিবুল হুছেইনৰ এই ‘দুৱাৰ-খিৰিকী মাৰি থৈছো’ বুলি কোৱা বিপৰীত ভাষ্য বিশেষভাৱে তাৎপৰ্য্যপূৰ্ণ।