NORTHEAST NOW (Assamese)
অসম

অক্ষয় কুমাৰৰ ইচ্ছা হিমাৰ জীৱন কাহিনীৰে চিনেমা নিৰ্মাণ কৰাৰ

Posted by: এন ই নাও নিউজ July 28, 2018 10:38 pm

জনপ্ৰিয় বলীউড অভিনেতা অক্ষয় কুমাৰে বিশ্ব জুনিয়ৰ এথলেটিকছত বিশ্বৰ আগশাৰীৰ দেশবোৰৰ প্ৰতিদ্বন্দ্বীক চেৰ পেলাই ভাৰতৰ হৈ একমাত্ৰ পদকটো জয় কৰিবলৈ সক্ষম হোৱা অসমৰ হিমা দাসৰ জীৱনভিত্তিক চিনেমা নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

জনপ্ৰিয় বলীউড অভিনেতা গৰাকীয়ে হিমা দাসৰ ওপৰত জীৱনভিত্তিক চিনেমা নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি অভিনেতা গৰাকীয়ে হিমা দাসক খেলুৱৈ জগতৰ এগৰাকী উদীয়মান তাৰকা বুলিও উল্লেখ কৰে। যিহেতু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পূৰ্বতে এথলেটিকছত ভাৰতৰ কোনো পৰিচয় নাছিল। কিন্তু বৰ্তমান হিমা দাসে বিশ্ব জুনিয়ৰ এথলেটিকছত সফলতা অৰ্জনেৰে ভাৰতক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী কৰি তুলিলে।

তাৰোপৰি হিমা দাসৰ সফলতাক অভিনেতা গৰাকীয়ে এক বৃহৎ সাফল্য বুলি উল্লেখ কৰি হিমা দাসৰ এই সাফল্যক এখন চলচ্চিত্ৰৰ জৰিয়তে প্ৰতিফলিত কৰিব পৰা যাব বুলি উল্লেখ কৰে।

লগতে অভিনেতা গৰাকীয়ে এই বৃহৎ প্ৰতিযোগিতাখনৰ ট্ৰেক ইভেণ্টত স্বৰ্ণ জয় কৰা হিমা দাস প্ৰথমজন ভাৰতীয় এথলীট বুলি উল্লেখ কৰি হিমা দাসৰ এই সাফল্যক ভৱিষ্যত প্ৰজন্মৰ কাৰণে দৃষ্টান্ত হিচাপে ৰখাৰ পোষকতা কৰে।