NORTHEAST NOW (Assamese)
অসম

জলবায়ু পৰিৱৰ্তন: ৰাষ্ট্ৰসংঘত বিশ্বনেতাসকলক কিশোৰীৰ প্ৰশ্ন ‘আপোনালোকৰ সাহস কেনেকৈ হ’ল?’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2019 12:53 pm
greta_1569269908_618x347 gt

ৰাষ্ট্ৰসংঘত জলবায়ু পৰিৱৰ্তনৰ ওপৰত নিজৰ ভাষণত ১৬ বছৰীয়া এগৰাকী কিশোৰীয়ে বিশ্বৰ নেতাসকলক থকাসৰকা কৰিলে।

চুইডেনৰ ১৬বছৰীয়া পৰিৱেশ কৰ্মী গ্ৰেটা থনবাৰ্গে নেতাসকলে গ্ৰীণ হাউছ নিৰ্গমনৰ পৰা মুক্ত কৰাত ব্যৰ্থ হৈ ভৱিষ্যত প্ৰজন্মক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰে।

তেওঁ প্ৰশ্ন কৰে,’আপোনালোকে (এনেকুৱা কৰিবলৈ) কেনেকৈ সাহস কৰিলে?

গ্ৰেটাই কয় যে যুৱ প্ৰজন্মই বুজি উঠিছে যে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে আমাক প্ৰৱঞ্চনা কৰিছে। আপোনালোকে যদি একো নকৰে তেতিয়াহ’লে যুৱ সম্প্ৰদায়ে আপোনালোকক ক্ষমা নকৰে।

অত্যন্ত ক্ষোভত গ্ৰেটাই কয় যে আপোনালোকে আমাৰ সপোন, আমাৰ শৈশৱ আপোনালোকৰ চাতুৰিপূৰ্ণ শব্দৰে কাঢ়ি নিছে।

তেওঁ কয়, ‘’অৱশ্যে, মই এতিয়াও ভাগ্যশালী। কিন্তু মানুহে ভূগি আছে, মানুহে মৃত্যুক আঁকোৱালি লৈছে, গোটেই পৰিৱেশ ব্যৱস্থা বিধ্বস্ত হৈ গৈছে।‘’

গ্ৰেটা থানবাৰ্গে কয় যে আমি সামগ্ৰিকভাৱে বিলুপ্তিৰ চিকাৰ হৈ আছো আৰু আপোনালোকে পইচা আৰু আৰ্থিক বিকাশৰ কাল্পনিক কথাক লৈ আলোচনাত ব্যস্ত আছে। আপোনালোকে এনে সাহস কেনেকৈ কৰিলে?

গ্ৰেটাই কয় যে আপোনালোকে আমাক নিৰাশ কৰিছে, কিন্তু যুৱ সম্প্ৰদায়ে আপোনালোকৰ বিশ্বাসঘাতকতা বুজিবলৈ আৰম্ভ কৰিছে।

কিশোৰীগৰাকীয়ে কয় যে ভৱিষ্যত প্ৰজন্মৰ দৃষ্টি আপোনালোকৰ ওপৰত আছে আৰু যদি আপোনালোকে আমাক নিৰাশ কৰে তেতিয়াহ’লে মই কওঁ যে আমি আপোনালোকক কেতিয়াও ক্ষমা নকৰো।

গ্ৰেটা থানবাৰ্গ চুইডেনৰ এগৰাকী পৰিৱেশ কৰ্মী যিয়ে জলবায়ু পৰিৱৰ্তনৰ বিষয়তে গোটেই বিশ্বতে সজাগতা বৃদ্ধিৰ কাম কৰি আছে।

গ্ৰেটাই ৰাজনৈতিক নেতাসকলক জলবায়ু সংকটৰ ওপৰত ব্যৱস্থা গ্ৰহণত গুৰুত্ব নিদিয়াৰ বাবে দায়ী কৰিছে।

২০১৮ চনৰ আগষ্টত ১৫ বছৰ বয়সত থানবাৰ্গে চুইডিছ সাংসদৰ বাহিৰত প্ৰদৰ্শনৰ বাবে স্কুলৰ পৰা ছুটী লৈছিল। গ্ৰেটাৰ এই আন্দোলনত আন বহু শিশু ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিছে।