NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ মহিলাক দৰঙত গণধৰ্ষণ কৰি হত্যা! : তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: ময়ুখ গোস্বামী Updated by: ময়ুখ গোস্বামী April 11, 2021 8:57 pm
womans-body-recovered-in-Darrang-750x375

দৰঙৰ জিলাৰ দলগাঁৱত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰিছে দৰং আৰক্ষীয়ে।

মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে ৰাজ্যত পুনৰ মহিলাক গণধৰ্ষণ কৰি হত্যা কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শনিবাৰে দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত নমাটি গাঁৱত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে।

মৃতদেহটো ওদালগুৰি জিলাৰ ৩০ বছৰীয়া চিখলা বসুমতাৰী(নাম সলনি কৰা হৈছে) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি মহিলাগৰাকীক গণধৰ্ষণ কৰি হত্যা কৰা হৈছে।

আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

দৰং আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ১৯২/২০২১ কেচ নম্বৰত গোচৰ ৰুজু কৰি গণধৰ্ষণ আৰু হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত ইতিমধ্যে এগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।