NORTHEAST NOW (Assamese)
অসম

নগাঁৱত উন্মোচন হ’ল ৰামধেনু যুগৰ গল্পকাৰ ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ ‘আন্ধাৰত পোহৰৰ বাট’

Posted by: মিণ্টু দাস July 29, 2018 2:19 pm
book release nagaon.photo

অসমীয়া সমাজ জীৱনৰ হৃদয়-উদ্বেলক ঘটনা প্ৰৱাহেৰে অনুৰণিত ভিন্ন স্বাদৰ গল্পৰে অসমীয়া গল্প-সাহিত্যক চহকী কৰা তথা ৰামধেনু যুগৰ প্ৰয়াত গল্পকাৰ ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ ‘আন্ধাৰত পোহৰৰ বাট’ শনিবাৰে নগাঁৱত উন্মোচিত হয়।

নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী তোদী স্মৃতি ভৱনত বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ নৰেন কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট কবি তথা আৰক্ষী বিষয়া নন্দ সিং বৰকলা আৰু তেখেতৰ পত্নী কবিতা ৰাণী দাসৰ সম্পাদনাত প্ৰকাশ হোৱা গ্ৰন্থখনি সাহিত্য সমালোচক প্ৰভাত বৰাই উন্মোচন কৰে।

আনহাতে, এই গ্ৰন্থ উন্মোচনী সভাত গণশিল্পী সূৰ্য দাস, প্ৰাক্তন মন্ত্ৰী-সাহিত্যিক গুণীন হাজৰিকা, লেখক চন্দ্ৰ মোহন কাকতিয়ে ভাষণ প্ৰদান কৰাৰ উপৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জাতীয় সংকট কালত লেখক-লেখিকাসকলক অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে বজ্ৰ নিনাদেৰে জাতি আৰু ভাষাৰ শত্ৰুৰ বিৰুদ্ধে কলম তুলি ল’বলৈ আহ্বান জনায়।

তেওঁ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ পিছত সমাজত শান্তি-শৃংখলা বিঘ্নিত কৰিবৰ বাবে চেষ্টা চলাই থকা অশুভ শক্তিক প্ৰতিহত কৰিবলৈ সজাগ ভূমিকা পালন কৰিবলৈ সকলোকে অনুৰোধ জনায়। নগাঁৱৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত প্ৰায় শতাধিক লোক উপস্থিত থাকে।