NORTHEAST NOW (Assamese)
Popular Stories

চূড়ান্ত খচৰামতে অসমত বৈধ ভাৰতীয় নাগৰিক ২,৮৯,৮৩,৬৬৭জন

Posted by: এন ই নাও নিউজ July 30, 2018 1:49 pm
NRC: Assam Jamiat, AAMSU demands punishment for 'false objection' petitioners

আজি প্ৰকাশিত বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত খচৰাৰ পিছত বহু দিনীয়া কল্পনা-জল্পনাৰ অন্ত পৰিল। অৱশ্যে এয়া খচৰাহে। মূল এন আৰ চি প্ৰকাশ পালেহে আচল কামটো হৈ উঠিব। স্বস্তিৰ কথা যে আশংকা কৰাৰ দৰে চূড়ান্ত খচৰা প্ৰকাশে কোনো ধৰণৰ অপ্ৰীতিকৰ বা আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰা নাই।

এন আৰ চি কৰ্তৃপক্ষই ৰাজহুৱা কৰা তথ্য মতে, এই খচৰাৰ পৰা আবেদনকাৰীৰ মাজৰ প্ৰায় ৪০লাখ লোকৰ নাম বাদ পৰিছে।

মুঠ আৱেদন পৰিছিল ৩,২৯,৯১,৩৮৪খন। ইয়াৰে বাদ পৰা লোকৰ সংখ্যা ৪০,৭৭0৭। সেই হিচাপত মুঠ ২,৮৯,৮৩,৬৬৭জন লোকক এন আৰ চিৰ খচৰাত বৈধ নাগৰিক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে বৰ্তমান খচৰাৰৰ পৰা বাদ পৰা প্ৰায় ৪০ লাখ লোকৰ মাজৰ বহুতেই বৈধ নাগৰিক হিচাপে প্ৰতিপন্ন হোৱাৰ অৱকাশ আছে। কিয়নো এইসকলে নিজৰ নাগৰিকত্বৰ বৈধতা প্ৰমাণৰ একাধিক সুযোগ পাব। তাৰোপৰি ইয়াত আছে লিংকেইজ নথিৰ গণ্ডগোলৰ বাবে বাদ পৰা বহু সংখ্যক বিবাহিত মহিলাৰ নাম।

উল্লেখযোগ্য যে ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা আছিল ৩,১২,০৫,৫৭৬জন।