NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ পৰ্যবেক্ষক তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যন সঞ্চালকৰ আকস্মিক ধিং এফ আৰ ইউ পৰিদৰ্শন

Posted by: মিণ্টু দাস July 31, 2018 10:27 am
ৰাষ্ট্রীয় স্বাস্থ্য মিশ্যন সঞ্চালক

এন আৰ চিৰ ৰাজ্যিক পৰ্যবেক্ষক তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ সঞ্চালক ডা° জে বি এন সুব্ৰমনিয়ামে সোমবাৰে নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ বিভিন্ন স্থানত থকা এন আৰ চি সেৱা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰাৰ অন্তত বটদ্ৰবা মৌজাৰ বৃহত্তৰ অঞ্চলটোৰ কেন্দ্ৰ স্থানত অৱস্থিত ধিং এফ আৰ ইউ খনত আকস্মিকভাৱে উপস্থিত হয়।

বিষয়াগৰাকীয়ে চিকিৎসালয়খনৰ আন্ত:গাঁথনি, ঔষধৰ ভঁ‌ড়াল, অনাময় ব্যৱস্থাপনা, চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ উপস্থিতি-অনুপস্থিতি, অস্ত্ৰোপ্ৰচাৰ কক্ষ ইত্যাদি চিকিৎসালয়খনৰ সকলো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে।

তেওঁ লগতে ঔষধৰ ভঁ‌ড়ালৰ দায়িত্বত থকা ফাৰ্মাচিষ্টগৰকীৰ পৰা চৰকাৰীভাৱে যোগান ধৰা ঔষধৰ লগত চিকিৎসালয়ত জমা থকা ঔষধৰ তথ্য সংলগ্ন তালিকা পৰীক্ষা কৰি অমিল হোৱাৰ অপৰাধত জিলা উপায়ুক্ত আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে।

ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিশ্যনৰ সঞ্চালকগৰাকীক নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু, নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল পাটৰ, অতিৰিক্ত উপায়ুক্ত লাচিত দাস আৰু ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃনাল বৰাকে প্ৰমুখ্য কৰি বিষয়াসকলে সংগ দিয়ে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যন সঞ্চালকগৰাকীয়ে চৰকাৰী চিকিৎসালয়ত ৰোগীক অৱহেলা কৰা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে ।