NORTHEAST NOW (Assamese)
অসম

বাক্সাত এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিল প্ৰায় ডেৰ লাখ লোক

Posted by: এন ই নাও নিউজ July 31, 2018 10:49 am
NRC

খিলঞ্জীয়াৰ ৰক্ষাকৱচ হিচাপে পৰিচিত এন আৰ চিৰ চূড়ান্ত খচৰা তথা পূৰ্ণাংগ খচৰা সোমবাৰে প্ৰকাশ পোৱাত বিভিন্ন ঠাইৰ লগতে বাক্‌সা জিলাৰ এন আৰ চি কেন্দ্ৰসমূহতো এন আৰ চিত নাম চাবৰ বাবে হেতা-ওপৰা লগা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ তথ্য মতে বাক্সা জিলাত ৯,৬৬,৩৫৮ জন লোকে এন আৰ চিত আৱেদন কৰিছিল। ইয়াৰে সোমবাৰে প্ৰকাশিত চূড়ান্ত খচৰাত ৮,১৬,৭৮৩ জনৰ নাম অন্তৰ্ভুক্ত হয়।

আনহাতে আৱেদনকাৰী সকলৰ ভিতৰত ১,৪৯,৫৭৪ জন লোকৰ নাম সোমবাৰে প্ৰকাশ পোৱা এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰে।

মন কৰিব লগীয়া যে বাক্সা জিলাৰ মুছলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং নিকাছি এন আৰ চি কেন্দ্ৰত কেইবাজনো লোকৰ নাম এন আৰ চিৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই। বিশেষকৈ এন আৰ চিৰ কামত নিয়োজিত দুগৰাকী এফ এল অ’ৰ লগতে ভূটানখুঁটি গাঁৱৰ গাঁওবুঢ়া সোমনাথ শৰ্মাৰ নামো এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে।

ফলত তেওঁলোকে এন আৰ চিৰ চূড়ান্ত খচৰাত নাম বাদ পৰি ৰোৱা বিষয়টোৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে যদিও পৰৱৰ্তী সময়ত তেওঁলোকে পুনৰ আৱেদন কৰিব বুলি জানিব পৰা গৈছে।