NORTHEAST NOW (Assamese)
অসম

মানুহ দেখিছো আজি : নগাঁৱত গণশিল্পী সূৰ্য দাসৰ নামত ন্যাস গঠন

Posted by: এন ই নাও নিউজ July 31, 2018 11:45 am
surya das.docx photo

মাটি আৰু মানুহৰ গীত গাই হেজাৰ হেজাৰ গুণমুগ্ধক মুহিত কৰা গণশিল্পী সূৰ্য দাসৰ নামত এটি ন্যাস অলপতে নগাঁওস্থিত ড° বি আৰ আম্বেদকাৰ ভৱনত মুকলি কৰা হয়। গণশিল্পী সূৰ্য দাসৰ দ্বাৰাই ন্যাসৰ দ্বাৰ মুকলি কৰা হয়।

দেওবাৰে নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ উদ্যোগত ড° আম্বেদকাৰ ভৱনত অনুষ্ঠিত সূৰ্য দাস ন্যাস মুকলি আৰু কৃতি ছাত্র-ছাত্রীৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবি, আৰক্ষী বিষয়া নন্দ সিং বৰকলাই কয় যে সূৰ্য দাস এজন ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান। আমি অসমীয়া জাতিয়ে যোগ্য জনক সন্মান দিব নাজানো। আজি সূৰ্য দাসৰ যি ন্যাস গঠন হৈছে ই এক গৌৰৱৰ কথা।

নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি ক্ষিতিশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে অসম অনুসূচিত জাতি পৰিষদৰ সভাপতি, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভঁ‌ড়ালীয়ে। সম্পাদক জয়ন্ত কুমাৰ দাসে আদৰণি ভাষণ আগবঢ়োৱা বিশেষ অভিনন্দন অনুষ্ঠানত অসম অনুসূচিত জাতি পৰিষদৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ দাস, সাধাৰণ সম্পাদক নিত্যানন্দ ফুকন, সহকাৰী সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা, প্ৰাক্তন মন্ত্রী উমেশ চন্দ্ৰ দাস, প্ৰাক্তন বিধায়ক জগদীশ দাস, অজিত প্ৰতিম দাস, শিক্ষাবিদ মুক্তি দাস, টংকেশ্বৰ দাস আদি উপস্থিত থাকে।

অনাতাঁৰ শিল্পী ৰাহুল দেৱ বৰদলৈয়ে গোৱা এটি বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত গণশিল্পী সূৰ্য দাস আৰু ২০১৮  সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা প্ৰাপক যুগললোচন দাসক বিশেষ সমৰ্ধনা জনোৱা হয়। তাৰ পিছতেই নগাঁও জিলাৰ প্ৰায় ডেৰ শতাধিক কৃতি ছাত্র- ছাত্রীক গামোছা, অভিধান আৰু অভিনন্দন পত্রৰে সন্মান জনোৱা হয়।