NORTHEAST NOW (Assamese)
দেশ

বিজেপি সাংসদৰ ‘গৌৰৱ’! “বিজেপি সাংসদ বাবে মোৰ ওচৰলৈ কোনো তদন্তকাৰী সংস্থা নাহে”!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2021 7:49 pm
Sanjay Patil

এজন বিজেপি নেতাই দলত যোগদান কৰাৰ পিছৰে পৰা “সুন্দৰভাৱে শুই থকা”ৰ কথা কোৱাৰ কেইদিনমান পিছতে আন এজন বিজেপি নেতাই এইবাৰ গৌৰৱেৰে ঘোষণা কৰিছে যে কোনো তদন্তকাৰী সংস্থা তেওঁৰ পিছত নাহে।

মহাৰাষ্ট্ৰৰ চাংলিৰ বিজেপি সাংসদ সঞ্জয় পাটিলে দেওবাৰে ঘোষণা কৰে, “মই বিজেপিৰ সাংসদ হোৱাৰ বাবে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট(ED) মোৰ পিছত নাহে।”

দেশৰ বিৰোধী দলসমূহে কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে বিৰোধী নেতাসকলক লক্ষ্য কৰি ৰাজনৈতিক অভিসন্ধি পূৰণ কৰিবলৈ তদন্তকাৰী সংস্থাসমূহ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ সময়তে এক ৰাজহুৱা অনুষ্ঠানত বিজেপি সাংসদ পাটিলে এনে চাঞ্চল্যকৰ মন্তব্য কৰিছে।

অৱশ্যে সঞ্জয় পাটিল এনে মন্তব্য কৰা প্ৰথম বিজেপি সদস্য নহয়।

চলিত মাহৰ আৰম্ভণিতে ২০১৯ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা মহাৰাষ্ট্ৰৰ আন এজন বিজেপি নেতা হৰ্ষবৰ্ধন পাটিলেও এনে এক মন্তব্য কৰিছিল।

বিজেপি দলত সকলোবোৰ সহজ-সৰল আৰু শান্তিপূৰ্ণ আৰু বিজেপিত থাকিলে কোনো অনুসন্ধানৰ সন্মুখীন হ’বলগীয়া নহয় বাবে বিজেপিত যোগদান কৰে বুলি মন্তব্য কৰিছিল হৰ্ষবৰ্ধন পাটিলে।

এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত মহাৰাষ্ট্ৰৰ ইন্দাপুৰৰ চাৰিবাৰৰ বিধায়কজনে দাবী কৰে যে তেওঁৰ ভুল ব্যাখ্যা কৰা হৈছে।

উল্লেখ্য যে বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠনৰ পিছৰে পৰা স্বতন্ত্ৰ কেন্দ্ৰীয় সংস্থাসমূহক চৰকাৰৰ নিৰ্দেশানুযায়ী কাম কৰিবলৈ বাধ্য কৰাইছে বুলি অভিযোগ উত্থাপন হৈছে।

তেনে সময়তে বিজেপি কেইবাজনো নেতাৰ এনে ক্ষমতাৰ ৰাগীত গৌৰৱান্বিত মন্তব্যই এই অভিযোগৰ সত্যতাকে নিৰূপণ কৰিছে বুলি ক’ব পাৰি।