NORTHEAST NOW (Assamese)
অসম

ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচৰ বাবে বহু প্ৰতীক্ষাৰে ৰৈ আছে গুৱাহাটীৰ ক্ৰিকেট প্ৰেমী 

Posted by: এন ই নাও নিউজ August 1, 2018 10:02 am
jason-holder-afp_806x605_41499271172

চলিত বছৰৰ অহা ২১ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় দিবা-নৈশ এদিনীয়া ক্ৰিকেট মেচ। অসমবাসীৰ বাবে বহু প্ৰতিক্ষিত এই এদিনীয়া মেচখন অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত। ইয়াৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে গুৱাহাটীৰ ক্ৰিকেট প্ৰেমী।

এতিয়া এই এদিনীয়া মেচখনৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত চলি থকা কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে জিলা প্ৰশাসন আৰু অসম ক্ৰিকেট সন্থাৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

কামৰূপ (মেট্ৰো) জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ভিতৰে-বাহিৰে চলি থকা আন্তঃগাঁথনিৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰে। কালিৰ এই সভাখন অনুষ্ঠিত হয় উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত।

28regstadium_182142
বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম, গুৱাহাটী

আলোচনাৰ কালত উপায়ুক্তগৰাকীয়ে গড়কাপ্তানী, বিদ্যুৎ বিভাগ আৰু জি এম চিক অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত ষ্টেডিয়ামৰ আশে পাশে থকা পথ, নলা-নৰ্দমাৰ লগতে বিদ্যুতৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়। তেওঁ ষ্টেডিয়ামৰ লগতে দৰ্শকৰ সুৰক্ষা তথা অন্যান্য সম্পৰ্কতো এচিএৰ বিষয়ববীয়াৰ লগত বিভিন্ন আলোচনা কৰে।

উল্লেখ্য যে ইতিমধ্যে ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া মেচখনৰ বাবে ৰাজ্য চৰকাৰে ষ্টেডিয়ামৰ আন্তঃগাথনি উন্নয়নৰ বাবে ২.৮৫ কোটি টকাৰ অনুমোদন জনাইছে।