NORTHEAST NOW (Assamese)
অসম

নগাঁৱত কিশোৰ অপৰাধী আইন সংক্ৰান্তীয় সজাগতা প্ৰশিক্ষণ শিবিৰৰ সামৰণি

Posted by: মিণ্টু দাস August 1, 2018 12:50 pm
46abaf96-35c4-4006-8b7f-06d6d0b8f5fb

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সৌজন্যত কিশোৰ অপৰাধী সংক্ৰান্তীয় আইন ২০১৫ শীৰ্ষক এটি সজাগতা-প্ৰশিক্ষণ শিবিৰ মঙলবাৰে জিলা উপায়ুক্তৰ সভা গৃহত অনুষ্ঠিত হৈ যায়।

এই সজাগতা-প্ৰশিক্ষণ শিবিৰত শিশু ন্যায় পৰিষদৰ সদস্য, চি ডব্লিউ চি, বিশেষ শিশু ন্যায় আৰক্ষী শাখা, শিশু ন্যায় পৰিষদৰ কৰ্মকৰ্তাসকলৰো এখনি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা নগাঁও জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈ বৰা, মহকুমা ন্যায়িক দণ্ডাধীশ তৰুন দে আৰু অধিবক্তা শ্বাহনাজ চুলতানা সমল ব্যক্তি হিচাপে উপস্থিত থকা প্ৰশিক্ষণ শিবিৰত উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে।

তেওঁ অপৰাধত সাঙোৰ খাই পৰা কিশোৰসকলৰ সমস্যা আৰু কৈশোৰ অপৰাধত জড়িত কিশোৰক পুন:সংস্থাপনৰ ওপৰত এক সুন্দৰ ব্যাখ্যা আগবঢ়ায়।

আনহাতে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে, শিশুসকলৰ অৱস্থা সৰ্বতো প্ৰকাৰৰ উন্নতিৰ বাবে এক সজাগতাৰ প্ৰয়োজন আছে। এই সজাগতা জিলাখনৰ লগতে গাঁও অঞ্চললৈ লৈ যোৱাৰো প্ৰয়োজন আছে।

প্ৰশিক্ষণ শিবিৰত জিলা আৰক্ষী অধিক্ষক শংকৰব্ৰত ৰায় মেধি উপস্থিত থকাৰ লগতে জিলাখনৰ কেইবাটাও স্বেচ্চাসেৱী অনুষ্ঠান, মহিলা সংগঠনেও অংশ গ্ৰহণ কৰে।