NORTHEAST NOW (Assamese)
অসম

অন্তৰ্ৱৰ্তী জামিন পালে আৰ পি শৰ্মাৰ জীয়েক পল্লৱী শৰ্মাই; চৰকাৰী অধিবক্তাৰ দায়িত্বৰ পৰা আঁতৰালে বিজন মহাজনক

Posted by: অনিৰ্বাণ পাঠক August 1, 2018 1:55 pm
Advocate

ৰাজ্য কঁপোৱা এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ বিয়াগোম কেলেংকাৰিত অভিযুক্ত তথা বিজেপিৰ সাংসদ আৰ পি শৰ্মাৰ জীয়েক এ পি এছ বিষয়া পল্লৱী শৰ্মাই অৱশেষত ১৪ দিনৰ জামিন পালে আদালতৰ পৰা। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে পল্লৱীৰ অন্তৰ্ৱৰ্তী জামিন মঞ্জুৰ কৰে। আদালতে এই জামিন মানৱীয়তাৰ আধাৰত দিয়া হৈছে বুলি জানিব পৰা গৈছে। কিডনিৰ বিকলতাত ভুগি থকা সাংসদ দেউতাকক আৰ পি শৰ্মাক কিডনি দান কৰাৰ কথা আছিল পল্লৱী শৰ্মাই।

উল্লেখযোগ্য যে নিম্ন আদালতে ইতিপূৰ্বে নাকচ কৰিছিল পল্লৱী শৰ্মাৰ জামিন। কিন্তু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসুস্থ দেউতাকৰ কথা বিবেচনা কৰি তেওঁক জামিন দিয়ে। এই সময়খিনিত তেওঁ কেৱল দেউতাকৰ চিকিৎসাৰ কামতহে জড়িত হ’ব পাৰিব। আনহাতে তেওঁৰ ওপৰত চকু ৰাখিবৰ বাবে লগত এগৰাকী মহিলা আৰক্ষী কনিষ্টবল অনবৰতে ৰখাৰো নিৰ্দেশ দিয়ে। আদালতে ১৪ দিনৰ মূৰত পল্লৱী শৰ্মাক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

PallaviSharma
পল্লৱী শৰ্মা। ফাইল ফটো।

মন কৰিব লগীয়া যে যোৱা ১৮ জুলাইলত গ্ৰেপ্তাৰৰ সন্মুখীন হোৱাৰ আগলৈকে আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল পল্লৱী শৰ্মা। কিন্তু যোৱা ১৮ জুলাইত কাহিলিপাৰাত হস্তাক্ষৰৰ নমুনা দিবলৈ আহোতেই এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তকাৰী আৰক্ষীয়ে আন ১৮জনৰ সৈতে তেওঁকো গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰাই গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আছে পল্লৱী শৰ্মা। আনহাতে ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছিল দেউতাক আৰ পি শৰ্মাই।

ইফালে আজি এ পি এছ চিৰ গোচৰৰ দায়িত্বত থকা অধিবক্তা বিজন মহাজনক উচ্চ ন্যায়ালয়ে দায়িত্বৰ পৰা অব্যাহতি দিয়ে।

জানিব পৰামতে যোৱা গোচৰটোৰ বিগত তিনিটা তাৰিখত উপস্থিত নাছিল অধিবক্তাৰ মহাজন।

আনহাতে মহাজনে পল্লৱী শৰ্মাৰ গোচৰটোত দুৰ্বল ভূমিকা লোৱাৰো অভিযোগ উত্থাপন কৰিছিল বিভিন্ন পক্ষই। আদালতৰ সূত্ৰই জনোৱামতে, বিজন মহাজনৰ ঠাইত এতিয়াৰ পৰা অধিবক্তা পাৰ্থপ্ৰতিম বৰুৱাই গোচৰটোত চৰকাৰী উকীল হিচাপে দায়িত্ব পালন কৰিব।

বিজন মহাজনে জনোৱা মতে, তেওঁ নিজেই ব্যক্তিগত কাৰণত আদালতৰ পৰা অব্যাহতি বিচাৰিছিল।