NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ বঢ়মপুৰৰ মহাকাশত ঘটিল এক বিৰল মহাজাগতিক পৰিঘটনা

Posted by: মিণ্টু দাস August 1, 2018 9:20 pm

নগাঁৱৰ বঢ়মপুৰ অঞ্চলত মহাকাশত সংঘটিত এক বিৰল ঘটনাৰ সাক্ষী হৈ ৰ’ল বঢ়মপুৰবাসী।

উল্লেখযোগ্য যে এক মহাজাগতিক পৰিঘটনাই নগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলত এক জোৱাৰৰ সৃষ্টি কৰে। ডাৱৰীয়া বতৰৰ মাজতে হঠাত আকাশৰ পৰা এডাল ৰেখাৰ দৰে পৃথিৱীলৈ নামি আহিল ডাৱৰ। ক্ৰমান্বয়ে তললৈ নামিল ডাৱৰ আৰু এই ডাৱৰ বঢ়মপুৰৰ ঘোগৰ জলাহৰ পানীত উঠি গ’ল ওপৰলৈ। এনেদৰে আকাশৰ পৰা নামি অহা ডাৱৰ আৰু জলাহৰ পৰা উঠি যোৱা পানী সংযোগ হৈ এডাল ৰেখাৰ সৃষ্টি কৰি একাকাৰ কৰিলে মহাকাশ আৰু পৃথিৱী।

আনহাতে এই দৃশ্য দেখাৰ পিছত আতংকিত হৈ পৰিছিল বঢ়মপুৰৰ ঘোগৰ জলাহৰ কাষৰ পথাৰত কাম কৰি থকা একাংশ লোক। আকাশৰ ডাৱৰ আৰু জলাহৰ পানীয়ে সৃষ্টি কৰা ৰেখাডাল বহু সময় ধৰি চলন্ত অৱস্থাত আছিল।

ইফালে ইয়াৰ মাজতে প্ৰতক্ষ্যদৰ্শী প্ৰশান্ত কাকতিয়ে  মৰণক শৰণ দি নিজৰ মোবাইলৰ কেমেৰাত বন্দী কৰিলে সমগ্ৰ ঘটনাৱলী।

https://www.facebook.com/nenowassam/videos/223463268363367/