NORTHEAST NOW (Assamese)
অসম

চূড়ান্ত খচৰাত ৮০ লাখৰ পৰিৱৰ্তে ৪০ লাখ বাদ পৰাত সুখী নহয় উপমন্যু হাজৰিকা

Posted by: কল্পজ্যোতি শইকীয়া August 2, 2018 12:15 pm

খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে ল’বৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি অহা প্ৰব্ৰজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন আৰ চি প্ৰকাশত সুখী নোহোৱা বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ‘৮০ লাখৰ ঠাইত ৪০ লাখহে ওলাইছে, গতিকে মই সুখী নহয়।’ বুলি মন্তব্য কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই। লগততে কয় যে ‘কেৱল ময়েই নহয়,  অসমৰ খিলঞ্জীয়াসকলো সুখী নহয়।’

আনহাতে চূড়ান্ত খচৰাত যদিও ৪০ লাখ লোকৰহে নাম বাদ পৰিছে, তেনেক্ষেত্ৰত অনগাত দিনত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পাছত এই সংখ্যা কিমান কমিব তাৰ ঠিক নাই বুলিও হাজৰিকাই সন্দেহ প্ৰকাশ কৰে।

ইয়াৰোপৰি ৪০ লাখ লোকৰ নাম এন আৰ চিত বাদ পৰা কথাটো ৰহস্যজনক বুলি সদৰী কৰি ‘প্ৰকাশ জয়ছোৱালে ৪ জুলাই ২০০৪ ত কৈছিল অসমত ৫০ লাখ বিদেশী থকাৰ কথা কৈছিল। প্ৰয়াত হিতেশ্বৰ শইকীয়াই ১৯৯২ চনত অসমত ৩২ লাখ বাংলাদেশী থকাৰ কথা কৈছিল আৰু কিৰেন ৰিজিজুৱে এতিয়া ৮০ লাখ বিদেশী থকাৰ কথা কৈছিল। কিন্তু এতিয়া সংখ্যাটো কেনেকৈ কম পৰিল?’ বুলি প্ৰশ্ন উত্থাপন কৰে হাজৰিকাই।

আৰু এই ক্ষেত্ৰত ৮০ লাখৰ পৰা সংখ্যাটো কিয় কম হ’ল তাৰ এক অনুসন্ধান কৰিব লাগে বুলিও তেওঁ চৰকাৰক দাবী উত্থাপন কৰে।

ইফালে ‘নাম বাদ পৰাসকলে ওজৰ আপত্তি দৰ্শোৱাৰ সুবিধা পাইছে, যাৰ ফলত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ ক্ষেত্ৰত এটা দিঘলীয়া প্ৰক্ৰিয়া হ’ব।’ এই মন্তব্য কৰে হাজৰিকাই।

‘এন আৰ চি খনে আমাক সংখ্যালঘু হোৱাৰ পৰা কিমান পৰিমাণে ৰক্ষা কৰিব সেইটোহে ডাঙৰ বিষয়।’ বুলিও হাজৰিকাই মন্তব্য কৰে।

পৰৱৰ্তী পৰ্য্যায়ত প্ৰব্ৰজন বিৰোধী মঞ্চৰ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব নেকি বুলি সোধাত তেওঁ কয় ‘আমি উচ্চতম ন্যায়ালয়ৰ কাষ নাচাপো। আমাৰ মূল এজেণ্ডা এটাই যে, আমাক ৰক্ষাকবচ প্ৰদান কৰিব লাগে। ৰক্ষাকবচৰ কাৰণে বিধানসভাত আইন প্ৰণয়ন কৰিব লাগে। অৰুণাচল, নাগালেণ্ড, মিজোৰামৰ লোকসকলৰ  নিচিনা ভূমি, চৰকাৰী চাকৰি তথা বাণিজ্যিক ব্যৱস্থাৰ ওপৰত ৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰক।’

লগতে হাজৰিকাই ‘অসম চুক্তিৰ ৬ নং দফাত খিলঞ্জীয়া সুৰক্ষা কবচ দিয়াৰ কথা উল্লেখ আছে, যি অসম আৰু কেন্দ্ৰীয় চৰকাৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যোৱা ৩৩ বছৰে কেৱল বিদেশী চিনাক্তকৰণৰ ওপৰতহে চৰকাৰে গুৰুত্ব দিলে, কিন্তু ,সুৰক্ষা কবচৰ বাবে কোনো গুৰুত্ব দিয়া নহ’ল। আজিলৈকে ৮০ লাখ বিদেশীৰ বিনিময়ত মাত্ৰ ৩ হাজাৰতকৈ কম বিতাড়িত হৈছে।’ বুলি উল্লেখ কৰে।