NORTHEAST NOW (Assamese)
অসম

বিস্ফোৰণত কঁপিল সৰভোগ : আহত এজন লোক

Posted by: পুলেন্দ্ৰ দাস August 3, 2018 6:30 am
সৰভোগ

স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত বৃহস্পতিবাৰে সন্ধিয়া বিস্ফোৰণত কঁপি উঠিল সৰভোগ চহৰ ৷ বৰপেটা জিলাৰ সৰভোগত সংঘটিত এই বিস্ফোৰণক লৈ সৰভোগবাসী কিছু পৰিমানে আতংকিত হৈ পৰিছে ৷

সৰভোগ ৰে’ল ষ্টেশ্যন পথৰ ৰে’লৱে ক’লনিৰ ৩নং ৱাৰ্ডৰ বাসিন্দা কমল নাথৰ বাসগৃহৰ সন্মুখত সংঘটিত এই বিস্ফোৰণত হিমাংশু দাস নামৰ এজন যুৱক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে দুখন বাহন ক্ষতিগ্ৰস্ত হয় ৷ বিস্ফোৰণত বাহন দুখনৰ  লগতে পকী পথটোৰো সামান্য ক্ষতিসাধন হয়।

আহত হিমাংশু দাস নামৰ লোকজনক ততালিকে চিকিৎসাৰ বাবে সৰভোগ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

বিস্ফোৰণৰ পিছতেই ঘটনাস্থলীত আৰক্ষী আৰু সেনাবাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে ৷

আৰক্ষীয়ে এয়া বোমা নে গ্ৰেনেড বিস্ফোৰণ সেয়া নিশ্চিত হ’ব পৰা নাই ৷ অধিক অনুসন্ধানৰ পিছতহে এই বিষয়ে নিশ্চয়তা লাভ কৰিব পাৰিব বুলি আৰক্ষীয়ে জানিব দিয়ে ৷