NORTHEAST NOW (Assamese)
উত্তৰ-পূব

‘ৰঞ্জী ট্ৰফী’ ক্ৰিকেটত উত্তৰ-পূবৰ ৬ ৰাজ্যৰ সমস্ত খৰচ বহন কৰিব বিচিচিআইয়ে

Posted by: এন ই নাও নিউজ August 3, 2018 8:08 am
bcci-new-644x362

উত্তৰ-পূবৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক সুখবৰ । উত্তৰ-পূবৰ ৬ খন ৰাজ্যৰ ৰঞ্জী ট্ৰফী ক্ৰিকেটৰ সমস্ত ব্যয় বহন কৰিব বি চি চি আইয়ে। বুধবাৰে বিয়লী উত্তৰ-পূব ৰঞ্জী ট্ৰফীৰ প্ৰতিনিধিৰ সৈতে হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া লোধা কমিটিৰ নিৰ্দেশ অনুসৰি ৰঞ্জী ট্ৰফীত নতুনকৈ আত্মপ্ৰকাশ কৰা দল বা ৰাজ্যসমূহৰ সকলো ব্যয় বহন কৰিব লাগে বিচিচিআইয়ে। বিশেষকৈ যিসকল দলে খেলপথাৰৰ অভাৱ বা অন্যান্য আন্তঃগাঁথনিৰ অভাৱৰ বাবে নিজৰ ঘৰৰ মাটিৰ বিপৰীতে অন্য ৰাজ্যত খেলিবলগীয়া হয়।

বি চি চি আইৰ সূত্ৰ মতে চিকিম আৰু অৰুণাচল প্ৰদেশত নিজৰ ক্ৰিকেট ষ্টেডিয়াম নাই যাৰ পৰিপেক্ষিতত নিজৰ চুবুৰীয়া ৰাজ্য সমূহত খেল সমূহ অনুষ্ঠিত হ’ব।

জানিব পৰা মতে ৰঞ্জী ট্ৰফীত প্ৰথমবাৰৰ বাবে আত্ম প্ৰকাশ কৰা ছিকিমৰ ঘৰুৱা খেল সমূহ অনুষ্ঠিত হ’ব শিলিগুৰিত আৰু অৰুণাচল প্ৰদেশৰ খেল সমূহ হ’ব অসমত।

উল্লেখ্য যে বি চি চি আইয়ে উত্তৰ-পূবৰ এই ৬ খন ৰাজ্যৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ লগতে ফিজিঅ’ নিয়োগ কৰিব বুলি বৈঠকতে নিশ্চিতি প্ৰদান কৰে।