NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণৰ পাছত আন্তঃৰাষ্ট্ৰীয় খেল আৰম্ভ কৰাৰ ক্ষেত্ৰত কি কি নতুন নিৰ্দেশনা জাৰি আই চি চিৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2020 10:46 am

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত আই চি চিয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত প্ৰত্যাহ্বান আহি পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল পুনৰ আৰম্ভ কৰাৰ বাবেই আই চি চিয়ে নতুন নিৰ্দেশনা সমূহ জাৰি কৰিছে।

আই চি চিৰ নিৰ্দেশনা অনুসৰি-

১. আন্তঃৰাষ্ট্ৰীয় খেলৰ পূৰ্বে প্ৰতিটো দলে ১৪ দিনৰ আইছ’লেশ্যনত থাকিব লাগিব।

২. খেলৰ পূৰ্বে আইছ’লেশ্যনত থাকিবলগীয়া দলটোৰ খেলুৱৈ সকলৰ স্বাস্থ্য, শৰীৰৰ উষ্ণতা আৰু কোভিড-১৯-ৰ পৰীক্ষা কৰা হ’ব।

৩. খেলুৱৈ সকলে খেলৰ সময়ত ক্ৰিকেট ব’লত থু লগাব নোৱাৰিব।

৪. খেলুৱৈ সকলে ব’ল স্পৰ্শ কৰাৰ পাছত চকু, নাক আৰু মুখ চুব নোৱাৰিব।

৫. খেলুৱৈ সকলে ভ্ৰমণৰ সময়ত এজনীয়া কোঠাত থাকিব লাগিব।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ পাছৰে পৰা বিশ্বত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বন্ধ হৈ আছে।

আহিবলগীয়া সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পুনৰ আৰম্ভ হ’লেও প্ৰথম অৱস্থাত দৰ্শক বিহীন ষ্টেডিয়ামতে খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।