NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত নতুনকৈ ৭ গৰাকী লোকৰ দেহত কোভিড-১৯পজিটিভ; আক্ৰান্তৰ সংখ্যা ২৬৬ জনলৈ বৃদ্ধি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 23, 2020 12:00 pm
কৰনা

আজিৰ দিনটোত অসমত ৭ গৰাকীকৈ লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

ইয়াৰে ৬ গৰাকী হোজাইৰ আৰু এগৰাকী ধুবুৰীৰ। আটাইকেইজন সৰুসজাই কোৱাৰেন্টাইন চেণ্টাৰত আছিল।

এই সাতটা নতুন কেচ পোৱাৰ পাছত ৰাজ্যত ২৬৬ গৰাকীলৈ বৃদ্ধি পালে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান ২০৫ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কালিৰ দিনটোত ৰাজ্যত একেলগে সৰ্বাধিক ৪৯ গৰাকী লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ।

পৰহিৰ দিনাখন ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত পাঁচদিনৰ ভিতৰত শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ২০৫ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।