NORTHEAST NOW (Assamese)
অসম

মাটিৰ কলহত ৰখা পানী খালে আচৰিতধৰণে শৰীৰৰ কি কি সমস্যা দূৰ হয় জানেনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2020 12:32 pm
images

মাটিৰ কলহৰ পানী খোৱাৰ উপকাৰিতা জানিলে আপুনি আচৰিত হৈ পৰিব। মাটিৰ কলহৰ পানী খোৱাটো কিমান স্বাস্থ্যকৰ সেয়া জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

শুনি আচৰিত হ’লেও এয়াই সঁচা। মাটিৰ কলহত ৰখা পানী খালে আপোনাৰ শৰীৰৰ বহু সমস্যাই আঁতৰি যাব।

মাটিৰ কলহত থকা পানী যদিও ঠাণ্ডা হয়, সেয়া আন কৃত্ৰিম উপায়েৰে ঠাণ্ডা কৰি ৰখা পানীৰ তুলনাত উপকাৰী। ই দেহ-মন বহু সময়লৈকে শীতল কৰি ৰাখে।

বহু কণ্ঠশিল্পীয়ে এতিয়াও মাটিৰ কলহত ৰখা পানী খায়। ইয়াৰ ফলত কণ্ঠ ভালে থাকে। তদুপৰি, যিসকলৰ ঠাণ্ডা সহ্য নহয়, তেওঁলোকেও সংকোচ নকৰাকৈ মাটিৰ কলহত ৰখা পানী খাব পাৰে।

মাটিৰ কলহত থকা পানীয়ে ছানষ্ট্ৰ’কো ৰোধ কৰিব পাৰে।

সাধাৰণতে শৰীৰত থকা ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত ছানষ্ট্ৰ’ক বা হিটষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

মাটিৰ পাত্ৰৰ পানীয়ে ভিটামিন আৰু খনিজ পদাৰ্থ বজাই ৰখাত সহায় কৰে যাৰ বাবে ইয়াক পান কৰাৰ ফলত ছানষ্ট্ৰ’ক ৰোধ কৰিব পৰা যায়।

প্লাষ্টিকৰ বটলত থকা পানীত বিছফেলনৰ দৰে বিষাক্ত কেমিকেল থাকে যি শৰীৰৰ বাবে ক্ষতিকাৰক। ইয়াৰ বাবে টেষ্টৰনৰ সন্তুলনো হ্ৰাস পায়।

মাটিৰ পাত্ৰৰ পানীত টেষ্টৰনৰ সন্তুলন ৰক্ষা কৰাৰ ক্ষমতা থাকে আৰু ইয়ে শৰীৰৰ মেটাবলিজিম বৃদ্ধিত সহায় কৰে।

আনহাতে, গৰ্ভৱতী মহিলাক ফ্ৰীজত ৰখা ঠাণ্ডা পানী খাবলৈ মানা কৰা হয়। কিন্তু মাটিৰ পাত্ৰৰ পানী খোৱাত কোনো হানি নহয়।

মাটিৰ পাত্ৰত ৰোগ প্ৰতিৰোধ কৰাৰ বহু ধৰণৰ ক্ষমতা থাকে। তদুপৰি, ই বিষাক্ত পদাৰ্থসমূহ অঁতৰাই পানীখিনি বিশুদ্ধ কৰি ৰাখে।

মাটিৰ কলহৰ পানীয়ে কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে শৰীৰ শীতল ৰাখি মানুহৰ কৰ্মশক্তিও বৃদ্ধি কৰে।

গতিকেই ঘৰত মাটিৰ কলহ এটা আনি ৰাখক আৰু বিশুদ্ধ পানী সেৱন কৰি শৰীৰ সুস্থ কৰি ৰাখক।