NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত অ’এনজিচিৰ পাইপলাইন ফাটি ভয়ংকৰ পৰিস্থিতি,শ শ বিঘা কৃষিভূমি বিনষ্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2021 2:54 pm
New-Project-1-12-750x375

শিৱসাগৰত অ’এনজিচিৰ পাইপলাইন ফুটি এতিয়া বয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।

বিগত কিছুদিন ধৰি শিৱসাগৰৰ নাজিৰাকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত অ’এনজিচিৰ পাইপ ফুটি বিষাক্ত খাৰুৱা তেল ওলাই আছে যদিও আজি তেল নিৰ্গমণৰ পৰিমাণ অতি ভয়াৱহ ভাবে বৃদ্ধি পায়।

ফলত শ শ বিঘা কৃষিভূমিত এতিয়া বিয়পি পৰিছে বিষাক্ত খাৰুৱা তেল।উল্লেখ্য শিৱসাগৰৰ নাজিৰাৰ বৰপথাৰত বৃহস্পতিবাৰে অ’এনজিচিৰ পাইপত ফুটা ওলায়।

লগে লগে এই বিষয়ে অ’এনজিচি কৰ্তৃপক্ষক অৱগত কৰোৱা হয় যদিও ফুটা এতিয়াও বন্ধ কৰবি পৰা হোৱা নাই।

ফলত আতংকগ্ৰস্ত হৈ পৰিছে স্থানীয় ৰাইজ।

শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে অ’এনজিচিৰ শীৰ্ষ বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰিছে যদিও এতিয়ালৈ পাইপেৰে তেল ওলোৱা বন্ধ কৰিব পৰা নাই।

শস্য পথাৰ বিষাক্ত খাৰুৱা তেলেৰে ভৰি পৰাত এতিয়া মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হৈছে স্থানীয় কৃষকৰ।

ক্ষতিগ্ৰস্ত কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰো দাবী জনাইছে বহুতে।