NORTHEAST NOW (Assamese)
অসম

নুমলীগড়ৰ বকিয়াল চাহ বাগিচাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 23, 2020 1:06 pm

নুমলীগড়ৰ বকিয়াল চাহ বাগিচাৰ ২৩ নং বাগানত শুকুৰবাৰে নিশা এজনী হাতীৰ কৰুণ মৃত্যু হয়  ৷

দুমাহৰ আগতে অন্য হাতীৰ আক্ৰমণত  আঘাতপ্ৰাপ্ত হোৱা বনৰীয়া হাতীজনী বিগত সময়চোৱাত নামবৰ আৰু সমীপৰ বিজুলী সংৰক্ষিত বনাঞ্চলত ৰুগীয়া দেহাৰেই বিচৰণ কৰি ফুৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল।

বিগত ৩১ মাৰ্চত বিজুলী সংৰক্ষিত বনাঞ্চলৰ ভিতৰতে চেতনা নাশক প্ৰয়োগ কৰি হাতীজনীক গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত ডা৹ চামচুল আলীয়ে চিকিৎসা প্ৰদান কৰিছিল।

অন্য হাতীৰ আক্ৰমণত হাতীজনীৰ সোঁ ভৰিখন ভাঙি গৈছিল আৰু বনাঞ্চলৰ ভিতৰত হাতীজনীৰ ভহা হাঁড়ৰ চিকিৎসা কৰা প্ৰায় অসম্ভৱ হৈ পৰিছিল।

তথাপিও ডা৹ চামচুল আলীৰ চিকিৎসাৰ পাচত বিগত দুটা মাহে বনাঞ্চলতে বিচৰণ কৰি ফুৰিব পৰা অৱস্থা পাইছিল আহত হাতীজনীয়ে ৷

কিন্তু অৱশেষত বকিয়াল বন কাৰ্যালয় আৰু গোলাঘাট বন বিভাগে বিগত দুমাহে চিকিৎসা কৰিও ৰক্ষা কৰিব নোৱাৰিলে দুৰ্ভগীয়া হাতীজনীক।

নিজৰ ভগ্ন স্বাস্থ্যৰ সৈতে যুঁজি যুঁজি শুকুৰবাৰে নিশা মৃত্যুৰ ওচৰত হাৰ মানে হাতীজনীয়ে।

সোঁ ভৰিৰ হাড় ভাঙি হোৱা আঘাতৰ বাবে চেপ্তিচেমিয়া হৈ হাতীজনীৰ মৃত্যু হোৱা বুলি মৰোণোত্তৰ পৰীক্ষাত প্ৰকাশ পায়।