NORTHEAST NOW (Assamese)
অসম

চিয়াছেন হিমবাহত আবদ্ধ ভাৰতীয় সেনাবাহিনীৰ আঠগৰাকী জোৱান; তীব্ৰ গতিত উদ্ধাৰ অভিযান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2019 10:34 pm
Siachen

পৃথিৱীৰ উচ্চতম যুদ্ধক্ষেত্ৰ চিয়াছেন হিমবাহত ভাৰতীয় সেনাবাহিনীৰ আঠগৰাকী জোৱান আৱদ্ধ হৈ পৰাৰ বাতৰি ভাৰতীয় সেনাবাহিনীৰ সূত্ৰত প্ৰকাশ পাইছে।

চিয়াছেনৰ উত্তৰ প্ৰান্তত থকা ভাৰতীয় সেনা বাহিনীৰ পহৰাচকীত আজি আবেলি প্ৰায় ৩.৩০ বজাত হিমস্খলন আঘাত কৰে। হিমস্খলনৰ ফলত আঠগৰাকী জোৱান বৰফৰ মাজত আৱদ্ধ হৈ পৰে।

বৰফৰ মাজত আৱদ্ধ হৈ থকা সেনা জোৱান সকলক উদ্ধাৰ কৰাৰ বাবে বৰ্তমান ভাৰতীয় সেনা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

মাইনাছ ৩০ ডিগ্ৰী ঠাণ্ডাত বৰফৰ মাজত আৱদ্ধ জোৱান কেইগৰাকীৰ উদ্ধাৰৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, পৃথিৱীৰ উচ্চতম যুদ্ধক্ষেত্ৰ চিয়াছেন হিমবাহত বৰ্তমানলৈ যুদ্ধতকৈ বেছি শীত আৰু প্ৰতিকুল বতৰৰ বাবে সেনাবাহিনীৰ জোৱানৰ মৃত্যু হৈছে।

যুদ্ধৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ হিচাপে বিৱেচিত চিয়েছেন হিমবাহ পাকিস্তান সেনাবাহিনীয়ে দখল কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ পাছতে ভাৰতে ১৯৮৪ চনৰ পৰা উক্ত স্থানত সেনা বাহিনী মোতায়েন কৰিছে।

বছৰৰ সকলো সময় বৰফেৰে আবৃত হৈ থকা চিয়াছেনত ভাৰতীয় সেনাবাহিনীৰ এগৰাকী জোৱানে তিনিৰ পৰা চাৰিমাহলৈ দায়িত্ব পালন কৰে।

ভাৰতীয় সেনা জোৱান সকলে নিজৰ সৈনিক জীৱনত চিয়াছেনত দেশমাতৃৰ সেৱাৰ বাবে দায়িত্ব লাভ কৰাটো সৌভাগ্যৱান হিচাপে বিৱেচনা কৰি আহিছে।