NORTHEAST NOW (Assamese)
অসম

মৰিয়নিত আছুৰ ‘ডকাইত’ প্ৰতাপ গগৈক গ্ৰেপ্তাৰ : ধনদাবী আৰু মাৰপিটৰ ঘটনাত জড়িত আনজন আছুকৰ্মী দেৱজিত গগৈ পলাতক

Posted by: এন ই নাও নিউজ August 20, 2018 9:46 pm
PratapGogoi_2

মৰিয়নিত ধনদাবী কৰি আজি আৰক্ষীৰ জালত পৰিল আছুৰ ‘ডকাইত’। মৰিয়নিৰ আৰক্ষীয়ে জনোৱা মতে, আছুৰ সদস্য বুলি নিজকে দাবী কৰা তিতাবৰৰ প্ৰতাপ গগৈ আৰু দেৱজিত গগৈয়ে যোৰহাট জিলাৰ অন্তৰ্গত নকছাৰী বালিজানৰ ডুংগৰমল পাৰিক নামৰ এজন গেলামালৰ দোকানীৰ পৰা ৫ হাজাৰ টকা দাবী কৰিছিল।

কিন্তু এই দাবী কৰা ধন দোকানীজনে দিয়া নাছিল যুৱকদ্বয়ক। তাতে খং খাই দুয়ো আছুকৰ্মীয়ে দোকানীজনক গুৰুলাগুৰুলকৈ পিটন দিয়ে। এই পিটন দিয়াৰ সমগ্ৰ দৃশ্য চি চি টি ভিৰ কেমেৰাত বন্দী হৈ ৰয়।

আনহাতে ভুক্তভোগী দোকানীজনে দুয়োজনৰ বিৰুদ্ধে গোচৰ দিয়াত মৰিয়নি আৰক্ষীয়ে নকছাৰীৰ পৰা প্ৰতাপ গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰামতে, প্ৰতাপ গগৈ নকছাৰী আছুৰ উপদেষ্টা। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে 173/18 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে জনোৱামতে, আনজন সহযোগী দেৱজিত গগৈ এতিয়াও পলাতক অৱস্থাত আছে। তেওঁৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱামতে, ঘটনাৰ সময়ত দোকানী পাৰিকৰৰ পৰিবাৰকো দুয়োজনে দুৰ্ব্যৱহাৰ কৰিছিল।