NORTHEAST NOW (Assamese)
অসম

বিজু ফুকনলৈ গুৱাহাটী আছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Posted by: এন ই নাও নিউজ December 21, 2017 7:00 pm

যোৱা ২২ নৱেম্বৰত মৃত্যু হোৱা অসমীয়া চিনেমা জগতৰ চিৰসেউজ অভিনেতা বিজু ফুকনৰ প্ৰতি গুৱাহাটী আছুৱে দীঘলীপুখুৰীৰ পাৰত কাইলৈ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।

অভিনেতাজনৰ মৃত্যুৰ এমাহ পূৰ হোৱা উপলক্ষে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছে বুলি সন্থাটোৱে জানিবলৈ দিছে। গুৱাহাটী ছাত্ৰ সন্থাৰ লগত চলচ্চিত্ৰ সমাজ, অসমেও অনুষ্ঠানটোত সহযোগিতা কৰাৰ কথা। বিয়লি তিনি বজাত অনুষ্ঠিত হ’ব লগীয়া অনুষ্ঠানটোত প্ৰয়াত শিল্পীগৰাকৈ গভীৰ শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে স্মৃতিচাৰণ কৰা হ’ব বুলি সূত্ৰটোৰ পৰা আমাক জনোৱা হৈছে। লগতে সহস্ৰাধিক গছি বন্তি জ্বলোৱা হ’ব বুলিও সূত্ৰটোৱে জনাইছে। আয়োজকে সকলো ৰাইজৰ সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।