NORTHEAST NOW (Assamese)
অসম

ন্যায়াধিকৰণত গোচৰ চলি থকা এজনো লোকৰ নাম অন্তৰ্ভুক্ত নহয় চূড়ান্ত এন আৰ চিত : প্ৰতীক হাজেলা

Posted by: এন ই নাও নিউজ August 5, 2018 7:25 am
Photo-3-3-570x320

বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা এজন লোকৰো নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নহয়। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এই কথা স্পষ্ট কৰিছে। হাজেলাই জানিব দিয়া মতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা কোনো এজন ব্যক্তিৰ নাম বা তেওঁলোকৰ পৰিয়ালৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নহয়।

আনহাতে, বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা বহু সংখ্যক লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ কথা স্বীকাৰ কৰি হাজেলাই কয় যে তেনে লোকৰ বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰৰ তথ্য গোপন কৰি একাংশ লোকে এন আৰ চিত নাম সুমুৱাবলৈ সক্ষম হৈছিল।

এনেলোকৰ বহুতেই নিজৰ নামৰ লগত সামঞ্জস্য থকা বুলি বা নিজৰ ঠিকনা সলনি কৰি চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ মৰিগাঁও জিলাত এনে ভালেসংখ্যক লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ প্ৰসংগত হাজেলাই স্পষ্ট কৰি দিয়ে যে বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা কোনো এজন ব্যক্তিৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নহয়।

বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰ বিষয়টোত এতিয়াৰে পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ এন আৰ চি কৰ্তৃপক্ষই আৰম্ভ কৰিব বুলিও হাজেলাই জানিবলৈ দিয়ে।