NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ চি আই টিৰ পৰা ৰেগিঙৰ বাবে ১৬ জন ছাত্ৰক বহিষ্কাৰ

Posted by: ৰিনয় বসুমতাৰী August 6, 2018 11:46 am

কোকৰাঝাৰৰ চেণ্ট্ৰেল ইনষ্টিটিউট অব টেকন’লজীয়ে ইনষ্টিটিউট (চি আই টি)খনৰ প্ৰায় ১৬ জন ছিনিয়ৰ ছাত্ৰক এটা ষান্মাষিকৰ বাবে বহিষ্কৃত কৰে। ইতিমধ্যে ছাত্ৰ কেইজনে ইনষ্টিটিউটখনৰ জুৱাহালু দৈমালু ছাত্ৰনিৱাসো ত্যাগ কৰিছে।

বিটিএডি এলেকাৰ কোকৰাঝাৰস্থিত চি আই টিৰ কৰ্তৃপক্ষই জনোৱা মতে বিভিন্ন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আৰু পিছত ৰেগিং প্ৰতিৰোধ কমিটি আৰু ৰেগিং প্ৰতিৰোধ বাহিনীয়ে সত্যাসত্য নিৰূপণ কৰি এই বহিষ্কৃত ছাত্ৰকেইজন চি আই টিৰ জুৱাহালু দৈমালু ছাত্ৰ নিৱাসত ১ আগষ্টৰ সন্ধিয়া ৰেগিং কাৰ্যৰ সৈতে জড়িত থকা বুলি জানিব পাৰে।

বহিষ্কৃত ছাত্ৰ কেইজন হ’ল ক্ৰমে মৃদ্যুতপল লাহোৰ, ধ্ৰুৱজ্যোতি বৰা, বিশ্বজিৎ দাস, বিৰাজ দীপ ফুকন, শ্বেখৰ বসুমতাৰী, ধনজিৎ দৈমাৰী, অনুপম ৰাজবংশী, ধনজিৎ বৰ্মন, অনুপজ্যোতি বৰো, দিপাংকৰ দলে, দেবুব্ৰত গগৈ, নিলছন দৈমাৰী, দিপাংকৰ ডেকা, গৌৰভ শ্যাম, অশ্বিম ৰাভা আৰু জৱাহৰ জ্যোতি দলে।