NORTHEAST NOW (Assamese)
অসম

দেশজোৰা ২৪ ঘণ্টীয়া চকা বন্ধত স্থবিৰ বৰপেটাৰ জনজীৱন

Posted by: পুলেন্দ্ৰ দাস August 7, 2018 8:25 pm
Chakka Bandha

নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘই (এ আই আৰ টি ডব্লিউ এফ) আহ্বান জনোৱা দেশজোৰা ২৪ ঘণ্টীয়া চকা বন্ধৰ ফলত  অসমৰ অন্যান্য ঠাইৰ লগতে বৰপেটাৰো স্বাভাবিক জীৱন যাত্ৰা এক প্ৰকাৰ স্থবিৰ হৈ পৰে।

জনস্বাৰ্থ বিৰোধী মটৰ ভেহিকেল এক্ট সংশোধনী বিল বাতিল, পেট্ৰল ডিজেলৰ জি এচ টি প্ৰৱৰ্তন, টোলগেট বন্ধ কৰাকে ধৰি ৯টা দাবীৰ সমৰ্থনত আহ্বান জনোৱা এই চকা বন্ধৰ জিলাখনত সৰ্বাত্মক প্ৰভাৱ পৰা দেখা যায়।

বন্ধৰ সময়চোৱাত ৰাজপথত বেচৰকাৰী যান বাহনৰ চলাচল বন্ধ হৈ পৰাত সৰ্বসাধাৰণ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ ইয়াৰ উপৰি অফিচ কাছাৰী সমূহতো কৰ্মচাৰীৰ উপস্থিতি একেবাৰে কম হোৱা পৰিলক্ষিত হয়।