NORTHEAST NOW (Assamese)
অসম

তীব্ৰ চাঞ্চল্য|| মণিপুৰী পুৰুষে এবছৰ পূৰ্বেই লিখি থৈছিল কাশ্মীৰত আক্ৰমণৰ ভৱিষ্যদ্বাণী

Posted by: এন ই নাও নিউজ February 21, 2019 10:42 pm
Pulwama attack: A year before, Manipuri youth predicted 'killing' in Kashmir

জে’শ্ব-এ’-মহম্মদৰ আত্মঘাতী আক্ৰমণৰ ঘটনাত দেশবাসী ম্ৰিয়মাণ হৈ থকাৰ মাজতে মণিপুৰৰ গপেন মচেজ নামৰ যুৱক এজনে ২০১৮ চনতে কৰা এক ভৱিষ্যদ্বাণীয়ে আলোড়ণৰ সৃষ্টি কৰিছে চ’চিয়েল মিদিয়াত।

“ভৱিষ্যদ্বাণী: কাশ্মীৰত কিছুমান নিৰীহ সৈনিকৰ হত্যা হ’ব যিহেতু ২০১৯ৰ নিৰ্বাচনে দুৱাৰত টুকুৰিয়াইছে,” পুলৱামাৰ ঘটনা-সদৃশ এই পূৰ্বানুমানটো ২০১৮ চনৰ ১০ জুলাইতে নিজৰ ফে’চবুকত লিখি ৰাখিছিল মচেজে।

এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মচেজৰ পূৰ্বানুমান ফলিওৱাত চ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰৰ ৰাতি ১০ বজালৈকে ফে’চবুকত ১৩ হাজাৰতকৈ অধিক লোকে শ্বেয়েৰ কৰিছে ’১৮ চনৰ এই প’স্তটো।

সন্ত্ৰাসবাদী আক্ৰমণটোক গৰিহণা দি বহু লোকে এতিয়া ভৱিষ্যতবাণীটোৰ বাবে মচেজৰ শলাগ লৈছে।

মচেজৰ ’১৮ চনৰ ১০ জুলাইৰ ভৱিষ্যতবাণীটো।

জ্যোতিষৰ লগত কোনো সম্পৰ্ক নোহোৱা আৰু মূলতঃ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সৈতে জড়িত ব্যক্তিজনে কিহৰ ভিত্তিত এই ভৱিষ্যতবাণী কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

অতি গুৰুত্বপূৰ্ণ ’১৭ৰ উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনৰ পূৰ্বেও উৰিত এক সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল আৰু তাৰ পিছতে বহুচৰ্চিত “ছাৰ্জিকেল স্ত্ৰাইক”ৰ ঘটনা ঘটিছিল।

এনে ঘটনাৰে আলম লৈ conspiracy theoristৰ ৰূপত তেওঁ কৰিছিল নেকি সেই ভৱিষ্যতবাণী?

নে বেজবৰুৱাৰ সাধুকথাৰ “এক ক’লো লেখি, এক ক’লো দেখি; হাদৈ বোলোঁতে ওলাল হাৰদাল, এতিয়াহে মিলিল ফৰিঙৰ মৰণ কাল” বোলা ফৰিঙৰ দৰে মিলিল মণিপুৰী মচেজৰ ভৱিষ্যতবাণী?