NORTHEAST NOW (Assamese)
অসম

নগাওঁ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী; ৰাজ্যপাল, মুখ্য মন্ত্ৰীকে ধৰি বহু গণ্য-মান্য লোকৰ সমাগম

Posted by: মিণ্টু দাস August 7, 2018 11:52 pm
Platinum jubilee of nagaon college

মধ্য অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাওঁ মহাবিদ্যালয়ৰ আজিৰে পৰা মহাৰজত জয়ন্তী আৰম্ভ হৈছে। অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ইয়াক উদ্বোধন কৰে।

মহাৰজত জয়ন্তীৰ ঐতিহাসিক মুহূৰ্তত অংশ ল’বলৈ পায় অত্যন্ত সুখী বুলি উল্লেখ কৰি উদ্বোধন ভাষণত মুখীয়ে কয়, ‘নগাওঁ মহাবিদ্যালয় পুৰণি আৰু সন্মানীয় শিক্ষানুষ্ঠান। মহাবিদ্যালয়খনৰ ৭৫ বছৰীয়া শৈক্ষিক ক্ষেত্ৰৰ গৌৰৱোজ্জ্বল যাত্ৰাত দেশ আৰু সমাজৰ উন্নতিত আত্মনিয়োগ কৰা ভালে সংখ্যক ব্যক্তিক সৃষ্টি কৰিছে।’

তদুপৰি বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ ‘নাক’ৰ মূল্যায়নত মহাবিদ্যালখনে দুবাৰকৈ ‘এ’ গ্ৰেড লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰি মুখীয়ে লগতে কয় যে, নগাওঁ মহাবিদ্যালয়ৰ শিক্ষকৰ দক্ষতা, গৱেষণামূলক শিক্ষাদানৰ পদ্ধতি, উন্নতমানৰ পৰীক্ষাগাৰ আদিয়ে মহাবিদ্যালয়খনৰ শৈক্ষিক বাতাৱৰণ জিলিকাই তুলিছে।

আনহাতে, উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি এক মুকলি সভা আয়োজন কৰা হয় য’ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। নিজ ভাষণত মুখ্য মন্ত্ৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে সহজ উপায়েৰে উন্নতিৰ জখলাত বগোৱাৰ চেষ্টা নকৰি কঠোৰ পৰিশ্ৰমৰে নিজক প্ৰতিষ্ঠা কৰাত ব্ৰতী হ’ব লাগে।

প্ৰসংগক্ৰমে তেওঁ কয় যে অসমৰ শিক্ষানুস্থান সমূহৰ শক্তিশালী ইতিহাস নতুন চামৰ আগত ডাঙি ধৰিব লাগিব যাতে তাৰ দ্বাৰা নতুন প্ৰজন্ম অনুপ্ৰাণিত হ’ব পাৰে।

আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰসংগত তেওঁ কয় যে এন আৰ চিক লৈ ভাষা, ধৰ্ম গোষ্ঠীৰ নামত মনোমালিন্য সৃষ্টি যাতে নহয় তাৰ বাবে আমি জাগ্ৰত প্ৰহৰী হ’ব লাগিব।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে আদৰণী ভাষণ প্ৰদান কৰা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰিণ পৰিৱেশ দেখি অভিভূত হৈ পৰা বুলি মন্তব্য কৰি নিজৰ চমু ভাষণত মহাবিদ্যালয়খনৰ উন্নতিত তেওঁৰ কৰণীয়খিনি কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।

সভাত ভাষণ দি নগাওঁ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰ আহোমে কয় যে ভাৰতবৰ্ষৰ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। মাত্ৰ কুৰি শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা পায়।

আজিৰ উদ্বোধনী অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী কেশৱ মহন্ত, বিশিষ্ট সাহিত্যিক তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ খৰ্গেশ্বৰ ভূঞা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আলোক গোস্বামী, বিধায়ক ৰূপক শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাত চলিত বৰ্ষত স্নাতক পৰীক্ষাত কৃতিত্ব প্ৰদৰ্শন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে সন্ধিয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত নাটক মঞ্চস্থ কৰা হয়।