NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ প্ৰধান ডাক ঘৰত অকৰ্তৃত্বশীলভাৱে অনুপস্থিত কৰ্মচাৰী

Posted by: পাৰ্শ্বজ্যোতি গগৈ August 8, 2018 6:22 pm

আজি শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই পুৱা শিৱসাগৰৰ প্ৰধান ডাক ঘৰত চাডেন ভিজিট দিয়ে।

জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ কাষতে থকা শিৱসাগৰৰ প্ৰধান ডাক ঘৰত উপায়ুক্ত গৰাকীৰ আকস্মিক পৰিদৰ্শন কালত কাৰ্যালয়টোত সৰহ সংখ্যক কৰ্মচাৰীৰ অনুপস্থিত থকাৰ কথা পোহৰলৈ আহে।

ফলত উপায়ুক্ত গৰাকীয়ে কাৰ্যালয়টোত অকতৃত্বশীলভাৱে অনুপস্থিত থকা কৰ্মচাৰী সকলৰ বিৰুদ্ধে ডাক বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাব বুলি প্ৰকাশ কৰে।

লগতে উপায়ুক্ত গৰাকীয়ে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ জাক বিভাগৰ কৰ্মচাৰী সকলক আহ্বান জনায়।

উল্লেখযোগ্য যে যোৱা ৬ আগষ্টত জিলা উপায়ুক্তৰ নিৰ্দেশত তিনি জনীয়া দণ্ডাধীশৰ দল এটাই নগৰ তথা ইয়াৰ উপকণ্ঠ অঞ্চলৰ ১৫ টা চৰকাৰী বিভাগত আকস্মিক ভাৱে পৰিদৰ্শন কৰি ১৬৫ গৰাকী কৰ্মচাৰী অকতৃত্বশীল ভাৱে কাৰ্য্যালয়ত অনুপস্থিত থকাৰ কথা পোহৰলৈ আহিছিল আৰু এই ১৬৫ গৰাকী বিষয়া- কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল জিলা উপায়ুক্তই।

ইফালে জিলা উপায়ুক্তৰ এনে কাৰ্য্যক শিৱসাগৰবাসীয়ে আদৰণী জনোৱাৰ লগতে ভৱিষ্যতেও এনেধৰণে চাডেন ভিজিট দিবলৈ অনুৰোধ জনাইছে।